/asomiyapratidin/media/media_files/2026/01/24/s8uwjojkfodsjfidu-2026-01-24-21-09-32.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত জিলাত শান্তি ঘূৰি অহাৰ পিছত আজি বিয়লি ৪:০০ বজাত জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে এক সংবাদমেল আয়োজন কৰে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত হোৱা উক্ত সংবাদমেলত জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে জিলাখনলৈ শান্তি -সমন্বয় ঘূৰাই অনাৰ ক্ষেত্ৰত অৰিহণা যোগাৱা সকলো দল- সংগঠন, ব্যক্তি বিশেষলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
আনহাতে আজিৰে পৰা ইণ্টাৰনেট সেৱা পুনৰাই প্ৰবৰ্তন কৰা হৈছে যদিও নেটিজন সকলক ছচিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হবলৈ আহ্বান জনাই জিলা আয়ুক্ত গৰাকীয়ে। ইণ্টাৰনেট সেৱা উপলদ্ধ হোৱাৰ পিছত ছচিয়েল মিডিয়াত বিভেদকামী - প্ৰৰোচনামুলক পোষ্ট কৰিলেই আইনগত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু ছচিয়েল মিডিয়া পৰ্যবেক্ষন কৰিবলৈ ২৪×৭ মণিটৰিং চেল গঠন কৰা হৈছে বুলি সদৰি কৰিছে জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে।
ইফালে, আশ্ৰয় শিবিৰত থকা লোকসমুহ নিজ নিজ ঘৰলৈ ঘূৰি গৈছে আৰু যি দুই এজন আছে সেয়াও ঘূৰি যাব বুলি মন্তব্য কৰি জিলাখনত স্বৰ্তপূৰ্তভাৱে শান্তি সভা অনুষ্ঠিত হৈছে , শান্তি কমিটি গঠন কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে পংকজ চক্ৰবৰ্তীয়ে। তদুপৰি এনেধৰণৰ ঘটনাই যে সকলোকে পিছুৱাই লৈ যায় সেয়া সকলোৱে উপলদ্ধি কৰিছে বুলি মন্তব্য কৰি সমন্বয়ৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ কামনা কৰিছে জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে।
আনহাতে কোকৰাঝাৰৰ পৰিস্থিতিক লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই সংবাদমাধ্যমৰ আগত কোকৰাঝাৰৰ পৰিস্থিতি বৰ্তমান শান্ত আৰু স্বাভাৱিক বুলি মন্তব্য কৰি ইণ্টাৰনেটৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। ছচিয়েল মিডিয়াত কোনোধৰণৰ প্ৰৰোচনামুলক পোষ্ট নিদিব আৰু কোনোধৰণৰ উৰাবাতৰি নিবিয়িপাব বুলি মন্তব্য কৰি ছচিয়েল মিডিয়াৰ ওপৰত প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে বুলি মন্তব্য কৰে।
একেদৰে, প্ৰৰোচনামুলক পোষ্টৰ সন্দৰ্ভত আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও সঁকিয়নি প্ৰদান কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই। আনহাতে পাঁচটা আশ্ৰয় শিবিৰৰ ভিতৰত চাৰিটা আশ্ৰয় শিবিৰ ইতিমধ্যে বন্ধ কৰা হৈছে আৰু অন্তিমটো আশ্ৰয় শিবিৰৰ লোকসকল আজিৰ ভিতৰতে ঘূৰি যাব বুলি মন্তব্য কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়ন হৈ আছে আৰু নিৰাপত্তাৰক্ষীসকলে এৰিয়া ডমিনেচন , পেট্ৰলিং কৰি আছে বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us