/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-22-17-00.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ কপালৰ ঘাম মাটিত পেলাই হাড়ভঙা পৰিশ্ৰম কৰি কৃষকে উৎপাদন কৰা ধান সুবিধাবাদী পূজিপতি ব্যৱসায়ীয়ে দালালৰ সহযোগত শোণিতপুৰ জিলাৰ প্ৰান্তে প্ৰান্তে অতি কৌশলেৰে চৰকাৰ আৰু কৃষি বিভাগৰ চকুৰ আগতে পানীৰ মূল্যত ক্ৰয় কৰি মুনাফা লুটি আহিছিল।
ধান কটা আৰম্ভ হোৱাৰ পিছতো কৃষকৰ সুবিধাৰ কাৰনে জিলাখনত কৃষি বিভাগে চৰকাৰীভাৱে সময়মতে ধান ক্ৰয় কেন্দ্ৰ মুকলি নকৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত সুবিধাবাদী ধান ব্যৱসায়ী,দালাল আৰু জিলা কৃষি বিভাগৰ ৰহস্যজনক ভূমিকাৰ বিৰুদ্ধে ৩০ নৱেম্বৰত অসমীয়া প্ৰতিদিনত সবিস্তাৰে এই প্ৰতিবেদকৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে কালি
ঢেকিয়াজুলিত এটা চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিবলৈ কৃষি বিভাগ বাধ্য হয়।
লক্ষ্যণীয় যে, অশেষ কষ্টৰে ধানখেতি কৰিও সময়ত কৃষকসকল সদায় উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে। এই সমস্যা সমাধানৰ বাবেই চৰকাৰে ধানৰ নূন্যতম সমর্থন মূল্য নিৰ্ধাৰন কৰি কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছিল।
এইক্ষেত্ৰত বিগত বৰ্ষৰ দৰে এইবাৰো চৰকাৰে কৃষকসকলৰ পৰা পলমকৈ হ'লেও শোণিতপুৰ জিলাত ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাত ভাৰতীয় খাদ্য নিগম আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ৫ টাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে ।
উল্লেখযোগ্য যে, ভাৰতীয় খাদ্য নিগমৰ অধীনত বিন্দুকুৰিত,অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ উদ্যোগত ঢেকিয়াজুলিত, বৰছলাৰ কেহেৰুখণ্ডাত, জামুগুৰিহাটৰ কাঠবাৰীত আৰু মিছামাৰীত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে ।
এইক্ষেত্ৰত সম জিলা আয়ুক্ত দ্যুতিভা বৰা, সহকাৰী কৃষি সঞ্চালক মনোজ কুমাৰ নাৰ্জাৰী, মহকুমা কৃষি বিষয়া ড০ জাকিৰ হুছেইন, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ জিলা প্ৰৱন্ধক কালিচৰন কলিতা, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া তথা আচঁনিখনৰ জিলা নডেল বিষয়া অজিত পাঠক,জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰা, কৃষি উন্নয়ন বিষয়া পংকজ বৰ্মন, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ বিষয়া মৃদুল ডেকা, এপাৰ্টৰ দেৱশ্ৰী বিশ্বাস আৰু সংশ্লিষ্ট বিষয়ববীয়াসকলৰ উপস্থিতিত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ঢেকিয়াজুলিত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে।
এই সন্দৰ্ভত জিলা আয়ুক্তই নিজা ভাষণত কয় কৃষকৰ বিকাশৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে, গতিকে মধ্যভোগীৰ পৰোচনাত নপৰি নূন্যতম সমর্থন মূল্য প্ৰতি কুইণ্টলত ২,৬১৯ টকা দৰত চৰকাৰী সংস্থাকহে ধান বিক্ৰী কৰিব,এইক্ষেত্ৰত ধান ক্ৰয় কেন্দ্ৰটো মুকলিৰ পাছতেই ৪ গৰাকী কৃষকৰ পৰা খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতই ২৩০ কুইণ্টল ধান ক্ৰয় কৰে।
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ধানৰ নুন্যতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২,৩৬৯ টকা নিৰ্ধাৰন কৰি দিয়াৰ লগতে ৰাজ্য চৰকাৰেও অতিৰিক্তভাৱে ২৫০ টকা প্ৰদান কৰিছে । উল্লেখ্য যে জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাৰ চূড়ান্ত হেমাহিৰ বাবেই শোণিতপুৰ জিলাৰ গাঁৱে-ভূঞে সুবিধাবাদী পূজিপতি ব্যৱসায়ীয়ে দালালৰ সহযোগত প্ৰতি মোন ধান ৬৫০-৬৯০ টকাত আৰু প্ৰতি কুইণ্টল ধান ১৭ শ টকাত ক্ৰয় কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us