বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ ৬৩ বিঘা ২কঠা, ৪লেচা ভূমি দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলত আছিল।

Advertisment

থলুৱা মৎস্য তথা পক্ষীৰ আৱাসস্থলী এই দেউৰা বিলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অৱাধে বেদখল চলাই, পুখুৰী খান্দি, আলি দি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। এইদৰে বেদখল কৰি পৰিবেশ তথা ঐতিহাসিক বিলখন ধ্বংস কৰা পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে ধিং ৰাজহ চক্ৰ বিষয়াক বহুবাৰ অভিযোগ কৰিছিল।

তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত বটদ্ৰৱা আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান আৰম্ভ হয়।

Also Read: বলিউডৰ সংগীত পৰিচালক জীতু শৰ্মাক সম্বৰ্দ্ধনা

batadrava Nagaon district