/asomiyapratidin/media/media_files/2026/02/24/gfbhghfg-2026-02-24-15-56-25.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীত চলি থকা সৰ্বভাৰতীয় সমন্বিত ঘেহুঁ আৰু বাৰ্লি প্ৰকল্পৰ অধীনত আজি নগাঁও জিলাৰ ৰাইডঙীয়াত কৃষকৰ মাজত "নুমলী" শীৰ্ষক কম সময়ত, কম খৰছত, বৃহৎ উৎপাদনক্ষম, উন্নত প্ৰজাতিৰ ধানৰ বীজ আৰু আনুসাংগিক তথা যাৱতীয়, সাৰ, ঔষধ-পাতি যোগান কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।
সৰ্বভাৰতীয় ঘেহুঁ আৰু বাৰ্লি গৱেষণা প্ৰতিষ্ঠান, 'কাৰ্ণাল হাৰিয়ানা'ই প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ অনুদান কাৰ্যসূচীৰ এই অনুষ্ঠানত উপস্থিত থাকি মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাই "ঘেঁহু খেতি সম্প্ৰসাৰণৰ বাবে কৃষকক উৎসাহ দিবলৈ পূূৰ্বৰ পৰা আৰু ভবিষ্যতৰ দিনত এই প্ৰকল্পৰ অধীনত বহু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সকলো কৃষক আগবঢ়ি আহিলে আমি সৰ্বতোপ্ৰকাৰে সহায় সহযোগীতা আগবঢ়াবলৈ মন মেলিছো। যিহেতু শালিধান চপোৱাৰ পাছত আমি ঘেহুঁ খেতি সোনকালে আৰম্ভ কৰিব লাগে, সেই বাবে এই অঞ্চলত চলি থকা পৰম্পৰাগত ৰঞ্জিত ধানৰ বিপৰীতে ১৩০ দিনতে চপাব পৰা "নুমলী" ধানৰ খেতি কৰিবলৈ আজি কৃষকক ধানৰ বীজ বিতৰন কাৰ্যসূচী আৰম্ভ কৰা হৈছে" বুলি প্ৰকাশ কৰাৰ লগতে ড০ হিৰণ্য কুমাৰ বৰাই বীজ তথা অন্যান্য সামগ্ৰীৰ জৰিয়তে কৃষকক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-15-56-40.jpeg)
ইফালে, শস্য ডৰাত ৰোগ বা কোনো সমস্যা দেখা দিলে বিজ্ঞানীসকলৰ সৈতে যোগাযোগ কৰিবলৈ কৃষকক আহ্বান জনায়। প্ৰকল্পটিৰ প্ৰধান তদন্তকাৰী (PI) বিজ্ঞানী ডঃ পদ্মিনী দাসে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি সৰ্বভাৰতীয় ঘেহুঁ আৰু বাৰ্লি গৱেষণা প্ৰতিষ্ঠান, 'কাৰ্ণাল হাৰিয়ানাৰ প্ৰধান বিজ্ঞানী ড০ সতীশ কুমাৰে "ধানৰ পিছতেই ঘেঁহু অসমৰ অন্য এক প্ৰধান খাদ্য শস্য। ঘেঁহু উৎপাদনৰ বাবে উপযুক্ত অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, জলসিঞ্চনৰ সুবিধা আৰু অন্যান্য কাৰিকৰী কৌশল অৱলম্বনৰ জৰিয়তে অসমৰ ঘেঁহু খেতি কৰা কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে" বুলি মন্তব্য কৰে।
অনুষ্ঠানটিত শস্য বিজ্ঞান বিভাগৰ বিজ্ঞানী ডঃ জ্যোতিৰেখা হাজৰিকাই ঘেহুঁৰ খেতিৰ পূৰ্বে নুমলী ধানৰ খেতি কৰি কিদৰে কৃষক সকল উপকৃত হব পাৰিব, তাৰ বিশ্লেষণ কৰে। সৰ্বভাৰতীয় ঘেহুঁ আৰু বাৰ্লি গৱেষণা প্ৰতিষ্ঠান, 'কাৰ্ণাল হাৰিয়ানাৰ জেষ্ঠ বিজ্ঞানী ড০ নীৰজ কুমাৰ, পশ্চিম বংগৰ বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয় (Bidhan Chandra Krishi Viswavidyalaya, West Bengal)ৰ বিজ্ঞানী ড০ অনিৰ্বান মাঝি, ড০ ৰঘুনাথ মণ্ডল, ড০ সৈকত দাস, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ জেষ্ঠ বিজ্ঞানী ড০ ৰঞ্জনা চক্ৰৱৰ্তী, প্ৰগতিশীল কৃষক শৰৎ ৰাজা, বিপুল ৰাজা, দীপমনি ৰাজাকে আদি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞানী ডঃ পদ্মিনী দাসে।
উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনত গৱেষণা কেন্দ্ৰটিয়ে অসমৰ ঘেহুঁ উৎপাদন কৰা জিলা নগাঁও, মৰিগাঁও, হোজাই, দৰং, বৰপেটাৰ বিভিন্ন অঞ্চলৰ কৃষক সকলক বৈজ্ঞানিক পদ্ধতিৰে ঘেহুঁ খেতিৰ প্ৰশিক্ষণ তথা অসমৰ বাবে অনুমোদিত উচ্চ উৎপাদনক্ষম জাত আৰু কৃষি সামগ্ৰীৰ বিনামূলীয়া বিতৰণ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে অসমত কমি অহা ঘেহুঁৰ মাটিকালি বৃদ্ধি তথা কৃষকক আৰ্থিক ভাৱে সহায় কৰা যাতে তেওঁলোক ঘেহুঁ খেতিৰ বাবে আগ্ৰহী হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us