/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-09-17-36.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ ন মাটি আৰু মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডেনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত শনিবাৰে পট্টা বিতৰণ কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৩,৬৩৩ লোকক বিনামূলীয়া পট্টা বিতৰণ কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সভাত পট্টা বিতৰণ কৰি ৰাইজৰ আগত প্ৰকাশ কৰে যে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে এক লাখ বিনামূলীয়া পট্টা বিতৰণ কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-2026-01-18-09-17-55.jpeg)
যিসকলে পট্টা লাভ কৰা নাই তেওঁলোকক অৰ্থাৎ পট্টা পাবলৈ ৰৈ যোৱা সকলক পুনৰ পট্টা বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰে। আনহাতে সমষ্টিয়ে সমষ্টিয়ে যিসকল ৰাইজৰ অভাৱ অভিযোগৰ দৰখাস্ত গ্ৰহণ কৰা হৈছিল সেই সন্দৰ্ভত অহা ফেব্ৰুৱাৰী মাহত কামৰ টেণ্ডাৰ দিয়া হ'ব বুলি ঘোষণা কৰে । এই সভাতেই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দ্বিতীয় বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ভোট দি জিকাব নে নাই বুলি ৰাইজক প্ৰশ্ন কৰে। লগতে কয় চিন্তা কৰিব নালাগে সকলোৱে অৰুণোদয় লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-m-2026-01-18-09-18-23.jpeg)
ইপিনে এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক দৰছিং ৰংহাং, কাৰ্যবাহী সদস্য সকল ক্ৰমে ৰিতেশ ইংহি, লুনছিং টেৰণ, মাধুৰ্য ঢেকিয়াল ফুকন, ৰিচাৰ্ড টকবি, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন টেৰণ, অধ্যক্ষ ৰাজু তিছ' ধৰি বহু লোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-imag-2026-01-18-09-18-56.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us