চিকিৎসাৰ বাবে আৰ্থিক অনুদান বিতৰণ বিধায়ক ভবেশ কলিতাৰ

অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা সূচাৰুৰূপে চলাই নিয়াত সহায় হোৱাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সুন্দৰ আঁচনি অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
web5

ডিজিটেল সংবাদ, ৰঙিয়া : অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা সূচাৰুৰূপে চলাই নিয়াত সহায় হোৱাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সুন্দৰ আঁচনি অব্যাহত আছে । উক্ত আঁচনিৰ অধীনত অনুদান আগবঢ়োৱাৰ বাবে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কনিহাত অৱস্থিত তৰুণ সংঘত অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা।

সভাত উপস্থিত হৈ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভবেশ কলিতাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ পূৱপাৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যা, পঞ্চায়ত সভাপতি সভানেত্ৰী সকল, আঞ্চলিক সদস্য সকল, পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলৰ লগতে চিকিৎসাৰ বাবে আবেদন কৰা ব্যক্তি সকল।

৫৬০ গৰাকী নিৰ্বাচিত ব্যক্তিক প্ৰায় ৩০ লাখ টকাৰ আর্থিক অনুদানৰ চেক আজি বিতৰণ কৰা হয় বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে।

ভবেশ কলিতা