/asomiyapratidin/media/media_files/2026/01/15/638-2026-01-15-19-30-35.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ফে'চবুকৰ মাধ্যমেৰে সংগঠিত 'মায়াবিনী সুগন্ধি পখিলা' গোটৰ উদ্যোগত বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ পাণবজাৰত পদপথবাসী প্ৰায় দুশ অভাৱী লোকৰ মাজত ভোগালীৰ লাড়ু,পিঠা আৰু জলপান, খোৱা পানী বিতৰণ কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক পুৰুষ- মহিলাৰ সমন্বিত প্ৰচেষ্টাত সাহিত্য, সংস্কৃতিৰ চৰ্চাৰ বাবে সংগঠিত 'মায়াবিনী সুগন্ধি পখিলা'ৰ এই জন কল্যাণকামী অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে মুকলি কৰি জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট গীতিকাৰ- সুৰকাৰ মণি মহন্তই গোষ্ঠীটোৰ এনে মানৱতাবাদী কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে।
উল্লেখ্য যে ফে'চবুকৰ জনপ্ৰিয় গোট মায়াবিনী সুগন্ধি পখিলাৰ প্ৰতিষ্ঠাপক সম্পাদক নীৰৱ জোনাকৰ লগতে সম্পাদক জিতু দত্ত, 'সুগন্ধি জননী' শৰ্মিলা ডেকা, উপদেষ্টা ক্ৰমে ৰীণা বৰকাকতি, ৰুলী শৰ্মা, কল্পনা পাঠক শৰ্মা, চিত্ৰা ডেকা, কল্পনা দেৱী, ৰঞ্জিতা সিংহ, গৌতম দাস, প্ৰণৱ শৰ্মা আৰু স্মিতালী গোস্বামীয়ে অনুষ্ঠানটোত উপস্থিত হোৱা পুৰুষ, মহিলা আৰু শিশুৰ মাজত ভোগালীৰ লাড়ু পিঠা,জলপান আৰু খোৱা পানী বিনামূলীয়াকৈ বিতৰণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us