/asomiyapratidin/media/media_files/2025/08/07/35-2025-08-07-13-28-15.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈৰ পি এমশ্ৰী মঙলদৈ নগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনা আঁচনিৰ ১৬৩ গৰাকী ছাত্ৰী মাজত আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰে বিধায়ক বসন্ত দাসে। আৰ্থিক দুৰৱস্থাৰ বাবে যাতে কোনো ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰেই এক আন্তৰিক প্ৰতিশ্ৰুতি হ'ল মুখ্যমন্ত্ৰীৰ "নিযুত মইনা" আঁচনি।
এই আঁচনিখনে বাল্যবিবাহৰ দৰে কু-প্ৰথা দূৰীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি বিধায়ক বসন্ত দাসে কয়। বিধায়ক বসন্ত দাসে এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে পঢ়া শুনা কৰি সৎ চৰিত্ৰৰে সমাজত জিলিকি উঠিব বুলি আশা প্ৰকাশ কৰে।
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতক আৰু গবেষণা কৰিব বিচৰা ছাত্ৰীসকলেও এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। এই আচঁনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে ১০০০ টকা, স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে ১২৫০ টকাকৈ লগতে স্নাতকোত্তৰ আৰু বি এড ছাত্ৰীয়ে ২৫০০ টকাকৈ লাভ কৰিব ।
অনুষ্ঠানত বিধায়ক বসন্ত দাস, অগপ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা, বিদ্যালয় পৰিচালনা সমিতি সভাপতি ড০ বুধীন চন্দ্ৰ হাজৰিকা, অতিৰিক্ত আয়ুক্ত অজিত কলিতা, বিদ্যালয়ৰ অধ্যক্ষা মৌচুমী চহৰীয়াৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল উপস্থিত থাকে।