কৰ্ণাটকতো খহিঁব নেকি কংগ্ৰেছ চৰকাৰ! মুখ্যমন্ত্ৰীৰ আসন বিচাৰি তুংগত বিসম্বাদ...

বৰ্তমান দেশত কংগ্ৰেছৰ অৱস্থা খুবেই তথৈবচ। এনে পৰিস্থিতিৰ মাজতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰত  মুখ্যমন্ত্ৰীৰ পদৰ বাবে যুঁজ চলিছে দিল্লীত। বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্ধামাইয়াক আসনৰ পৰা আঁতৰাবলৈ কংগ্ৰেছ হাইকামাণ্ডক

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ বৰ্তমান দেশত কংগ্ৰেছৰ অৱস্থা খুবেই তথৈবচ। এনে পৰিস্থিতিৰ মাজতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰত  মুখ্যমন্ত্ৰীৰ পদৰ বাবে যুঁজ চলিছে দিল্লীত। বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্ধামাইয়াক আসনৰ পৰা আঁতৰাবলৈ কংগ্ৰেছ হাইকামাণ্ডক হেচাঁ দিবৰ বাবে দিল্লীত বাহৰ পাতিছে বহুকেইগৰাকী কংগ্ৰেছৰ বিসম্বাদী বিধায়কে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি,  ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ হাইকমাণ্ডক হেঁচা প্ৰয়োগ কৰিবলৈ দিল্লীত বহুকেইগৰাকী বিধায়কে বাহৰ পাতিছে। মুখ্যমন্ত্ৰীৰ আসনক লৈ চলি থকা এনে অৰিয়াঅঁৰিৰ মাজতে কৰ্ণাটকত শুকুৰবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় যে আগন্তুক সময়ত ৰাজ্যৰ বাজেট দাখিল কৰিব।

প্ৰত্যক্ষভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কোনো কথা মুকলিকৈ প্ৰকাশ নকৰিলেও এই বক্তব্যৰ জৰিয়তে বুজাই দিলে যে কৰ্ণাটকত তেৱেই মুখ্যমন্ত্ৰী হৈ থাকিব।  ইফালে কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, শিৱকুমাৰক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ দলৰ নেতৃত্বক হেঁচা প্ৰয়োগ কৰিবলৈ নতুন দিল্লীত কমেও ১৫জন বিধায়ক আৰু প্ৰায় এক ডজন এম এল চিয়ে শিবিৰ পাতিছে।

খবৰ অনুসৰি এই দাবী ২০২৩ চনত নিৰ্বাচনৰ সময়তে স্বাক্ষৰিত ক্ষমতা ভাগ-বতৰা চুক্তিৰ ওপৰত ভিত্তি কৰি কৰা হৈছেয।যাৰ অধীনত শিৱকুমাৰে ছিদ্দাৰমাইয়াৰ ডেৰ বা দুবছৰ (২০ নৱেম্বৰলৈকে) মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছিল। তাৰ পাছতে সেই দায়িত্ব শিৱকুমাৰক দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছিল হাইকামাণ্ডে।  এই সময়সীমা শেষ হোৱাৰ ফলত কৰ্ণাটক কংগ্ৰেছৰ ভিতৰত নেতৃত্ব সলনিৰ দাবী প্ৰৱল হৈছে।

ইফালে নেতৃত্ব পৰিৱৰ্তন সন্দৰ্ভত মন্ত্ৰী-বিধায়কক ৰাজহুৱাভাৱে কথা কোৱাত বাধা দিয়া নিৰ্দেশ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "দলৰ হাইকমাণ্ডে যি সিদ্ধান্ত লয়, মন্ত্ৰী হওক বা বিধায়ক হওক সকলোৱে মানি চলিব লাগিব। শিৱকুমাৰ আৰু মইও মানি চলিব লাগিব।" 

ৰাজ্যৰ মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি চলি থকা জল্পনা-কল্পনাৰ সন্দৰ্ভত ডি কে শিৱকুমাৰে কয়, "বিসম্বাদ মোৰ তেজত নাই। ১৪০ জন বিধায়ক আটাইকেইজন মোৰ বিধায়ক। চৰকাৰ আৰু মন্ত্ৰীসভাৰ সালসলনি কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে লৈছে। সেয়েহে তেওঁলোক সকলোৱে মন্ত্ৰী হ'বলৈ আগ্ৰহী। দিল্লীলৈ গৈ নেতাৰ সৈতে সাক্ষাৎ কৰাটো স্বাভাৱিক। মই আৰু কি ক'ম? তেওঁলোকৰ সকলো অধিকাৰ আছে। 

কৰ্ণাটক নিৰ্বাচন কৰ্ণাটক কৰ্ণাটক চৰকাৰ