চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানক লৈ চৰকাৰ–চাহ উদ্যোগৰ মাজত তীব্ৰ মত-বিৰোধ

চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদানক লৈ অসম চৰকাৰ আৰু চাহ উদ্যোগৰ মাজত চলি থকা মত-বিৰোধ অধিক তীব্ৰ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
BUHGUCFJN

ডিজিটেল সংবাদ, গুৱাহাটীঃ চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদানক লৈ অসম চৰকাৰ আৰু চাহ উদ্যোগৰ মাজত চলি থকা মত-বিৰোধ অধিক তীব্ৰ হৈ উঠিছে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক গুৰুত্ব লাভ কৰা এই বিষয়ত দুয়ো পক্ষই নিজৰ নিজৰ অৱস্থানত দৃঢ় হৈ আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ মালিকসকলক সকীয়নি দি কৈছে যে, শ্ৰমিকসকলক ভূমি প্ৰদানৰ বিৰোধিতা কৰিলে ৰাজ্য চৰকাৰৰ প্ৰণোদনা আৰু সহায়-সহযোগিতা বন্ধ কৰি দিয়া হ’ব পাৰে। এই প্ৰণোদনাৰ পৰিমাণ বছৰি প্ৰায় ১৫০ কোটি টকাৰ ওচৰা-ওচৰি বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে। চৰকাৰে লেবাৰ লাইনৰ ভিতৰত বহু বছৰ ধৰি বসবাস কৰি অহা শ্ৰমিকসকলক ভূমি অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ লগত অনুদান আৰু উদ্যোগিক সুবিধাসমূহ সংযোগ কৰিছে।

উল্লেখযোগ্য যে, এই সকীয়নি আহিছে অসম চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা Assam Fixation of Ceiling on Land Holdings (Amendment) Act-ৰ পাছত। এই সংশোধিত আইনখনৰ জৰিয়তে দশকজুৰি চাহ বাগিচাৰ ভূমিত বসবাস কৰি অহা শ্ৰমিক পৰিয়ালসমূহক ভূমি অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ পথ মুকলি হৈছে। কিন্তু চাহ উদ্যোগে এই পদক্ষেপ সন্দৰ্ভত গুৰুতৰ আপত্তি উত্থাপন কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত Tea Association of India (TAI)-ৰ ৫০তম দ্বিবাৰ্ষিক সাধাৰণ সভাত উদ্যোগপক্ষই এই সিদ্ধান্ত বাস্তৱায়নৰ ক্ষেত্ৰত আইনী আৰু আৰ্থিক জটিলতাৰ কথা স্পষ্টকৈ উল্লেখ কৰে।

ইফালে, TAI-ৰ সভাপতি সন্দীপ সিংঘানিয়াই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, “অধিকাংশ চাহ কোম্পানীৰ ক্ষেত্ৰত বাগিচাৰ ভূমি বেংকৰ ওচৰত বন্ধকী হিচাপে ৰখা আছে। এনে পৰিস্থিতিত ভূমি হস্তান্তৰ কৰিলে গুৰুতৰ আৰ্থিক আৰু আইনী সমস্যাৰ সৃষ্টি হ’ব।” তেওঁ লগতে কয় যে এনে ব্যৱস্থাই উদ্যোগসমূহৰ বৰ্তমানৰ আৰ্থিক কাঠামো বিঘ্নিত কৰিব পাৰে। উদ্যোগপক্ষই ক্ষতিপূৰণৰ বিষয়টো এতিয়ালৈকে স্পষ্ট নহোৱা বুলিও উল্লেখ কৰে। “Land Ceiling Act-এ কেৱল ভূমিৰ কথা কয়, গৃহ বা আন স্থাপত্যসমূহৰ কথা নহয়। শ্ৰমিক আৱাস আদি কোম্পানীয়ে নিৰ্মাণ কৰা স্থাবৰ সম্পত্তিৰ ক্ষতিপূৰণ পৃথকভাৱে বিবেচনা কৰিব লাগিব,” বুলি তেওঁ ২০১৩ চনৰ Right to Fair Compensation and Transparency in Land Acquisition Act-ৰ উল্লেখ কৰে।

আনহাতে, “আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ল আইনী দায়িত্ব। উদ্যোগৰ মতে, ভূমি পট্টা প্ৰদান কৰা হ’লেও কেন্দ্ৰীয় শ্ৰম আইন অনুসৰি শ্ৰমিকসকলক বাসগৃহ, পানী, চিকিৎসা আদি সা-সুবিধা প্ৰদানৰ দায়িত্ব চাহ বাগিচাৰ মেনেজমেণ্টৰ ওপৰতে থাকিব। “বৰ্তমানৰ আইন সংশোধন নকৰালৈকে ৰাজ্য চৰকাৰৰ ভূমি বিতৰণে এই আইনী দায়িত্বৰ পৰা মেনেজমেণ্টক মুক্ত নকৰে,” বুলি TAI-এ স্পষ্ট কৰে।

ইফালে, অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ ভূমি অধিকাৰক সামাজিক ন্যায়ৰ অংশ হিচাপে উপস্থাপন কৰি আহিছে যদিও, চাহ মালিক সংগঠনসমূহে এই নীতি বৰ্তমানৰ ৰূপত আইনীভাৱে জটিল আৰু অৰ্থনৈতিকভাৱে ক্ষতিকাৰক বুলি দাবী কৰিছে। দুয়ো পক্ষেই নিজৰ অৱস্থানত অনড় থাকাত, ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে চাহ উদ্যোগত ভূমি পট্টা বিষয়টো এক সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক হিচাপে অব্যাহত আছে।

চাহ বাগিচা