দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস : 'অসমীয়া প্রতিদিন'ৰ উপ-সম্পাদক দীপশিখা ডেকাক সম্বর্ধনা

সংবাদ ক্ষেত্রলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সাংবাদিকগৰাকীক দিছপুৰ প্ৰেছ ক্লাৱে স্মাৰক, মানপত্র, চেলেং, গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে 'প্রতিদিন টাইম'ৰ ভিডিঅ' জার্নেলিষ্ট হেমন্ত কুমাৰ শৰ্মাসহ ১৯ গৰাকী সাংবাদিককো দিছপুৰ প্ৰেছ ক্লাৱে সম্বর্ধনা জনায়। 

author-image
Asomiya Pratidin
New Update
দিশপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল ডেস্ক : বর্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উদ্দেশ্যে গুৱাহাটীৰ গণেশগুৰিস্থিত শ্রীশ্রীগণেশ উদ্যান প্রাংগণত অনুষ্ঠিত বর্ণিল অনুষ্ঠানত 'অসমীয়া প্রতিদিন'ৰ উপ-সম্পাদক দীপশিখা ডেকাক দিছপুৰ প্ৰেছ ক্লাৱে সম্বর্ধনা জনায়। 

Advertisment

 'অসমীয়া প্রতিদিন'ৰ উপ-সম্পাদক দীপশিখা ডেকাক সম্বর্ধনা

সংবাদ ক্ষেত্রলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সাংবাদিকগৰাকীক দিছপুৰ প্ৰেছ ক্লাৱে স্মাৰক, মানপত্র, চেলেং, গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে 'প্রতিদিন টাইম'ৰ ভিডিঅ' জার্নেলিষ্ট হেমন্ত কুমাৰ শৰ্মাসহ ১৯ গৰাকী সাংবাদিককো দিছপুৰ প্ৰেছ ক্লাৱে সম্বর্ধনা জনায়। 

দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস

'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, 'গণ অধিকাৰ'ৰ জ্যেষ্ঠ সাংবাদিক চন্দ্র কুমাৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্তা, 'দৈনন্দিন বার্তা'ৰ মুখ্য সম্পাদক শংকৰ গোহাঁই, আৰ এছ এছ নেতা শংকৰ দাস, 'জাফা'ৰ সভাপতি অভিদীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, আৰ জেদ হুছেইন চহৰীয়া বিশেষ অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত সাংবাদিক ৰণ্টু নেওগ, দীপাংকৰ দাস, ৰুবুলকান্তি ৰয়, হিমাদ্রীৰেখা ভৰালী, ৰাজু কাথাৰ, প্রিয়ংকা দাস, প্রবালপ্রতিম ডেকা, শ্বাহ আলম, দাদুল দত্ত, হীৰকজ্যোতি ডেকা, ৰঞ্জনজ্যোতি শর্মা, উৎপল হালৈ, ৰবিউল আলম, মৃদুল হালৈ, দীপাংকৰ কলিতা, শিখা দেৱী, ববিতা গগৈ, কৈলাস চৌধুৰীক দিছপুৰ প্ৰেছ ক্লাবে স্মাৰক, গামোচা, মানপত্র, চেলেঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। 

দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস
দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস

 

উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰসংগত দিছপুৰ প্ৰেছ ক্লাৱৰ এনে পদক্ষেপক আদৰণি জনায়। অনুষ্ঠানত দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়সহ বিষয়ববীয়া, সদস্যসকল উপস্থিত থাকে। 

বিয়লিৰ এই অনুষ্ঠানৰ পিচত সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত কেইবাগৰাকী জনপ্রিয় শিল্পীয়ে গীত-মাত পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। 

দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস
দিছপুৰ প্ৰেছ ক্লাবৰ দশম বার্ষিক প্রতিষ্ঠা দিৱস

 

উল্লেখ্য যে দিছপুৰ প্ৰেছ ক্লাৱে দশম বার্ষিক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাজ্যৰ চিকিৎসা, সামাজিক-সাংস্কৃতিককে ধৰি অন্য ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো সম্বর্ধনা জনায়।

dispur press club