/asomiyapratidin/media/media_files/2026/02/10/whatsapp-imag-2026-02-10-12-13-32.jpeg)
ডিজিটেল ডেস্কঃ বিজেপিৰ অফিচিয়েল x হেণ্ডলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ভিডিঅ' এআইৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। সেই ভিডিঅ'ত সংখ্যালঘু লোকলক লক্ষ্য কৰি গুলীচালনা কৰা দৃশ্য দেখুওৱা হৈছিল। এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এআই ভিডিঅ' পোষ্টৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/whatsapp-2026-02-10-12-07-32.jpeg)
উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত বিধায়ক দিগন্ত বৰ্মন আৰু শিৱামণি বৰাৰ স্বাক্ষৰত দিছপুৰ থানাত গোচৰ পঞ্জীয়ন কৰে। সেই সময়ত বিধায়ক দুগৰাকীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু ৰাজ্যিক সমন্বয়ক গোপাল শৰ্মাই । গোচৰ ৰুজু কৰাৰ পাছতে কমিটীঅসম প্ৰদেশ কংগ্ৰেছ য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us