প্ৰসংগ-বৃন্দাবনী বস্ত্ৰঃ লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

মুখ্যমন্ত্রীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূর্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্রজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্ৰখন প্রত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 10.13.39 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ   অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্রদর্শনৰ বাবে অনা সন্দর্ভত সোমবাৰে লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বৃটিছ মিউজিয়াম কৰ্তৃপক্ষৰে বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়।

১৮ মাহৰ বাবে অসমত ৰখা হ’ব বৃন্দাবনী বস্ত্র। লণ্ডন আৰ্হিৰ সংগ্রহালয়ত বস্ত্রভাগ ৰখা হ’ব অসমত। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্রীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূর্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্রজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্ৰখন প্রত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে।

লগুনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰ ভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাবে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব।

 ইয়াৰ বাবে ভূমিও আৱণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে। অসমত প্রদর্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্রদর্শনৰ ব্যৱস্থা কৰা হব। মুখ্যমন্ত্রীয়ে আজি লণ্ডনৰ প্রবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

বৃন্দাবনী বস্ত্ৰ