ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত "অসমীয়া সংস্কৃতি" শীৰ্ষক আলোচনা সত্ৰ

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত " অসমীয়া সংস্কৃতি" শীৰ্ষক বিষয়ত এখনি আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
338

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত " অসমীয়া সংস্কৃতি" শীৰ্ষক বিষয়ত এখনি আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা সত্ৰ অনুষ্ঠানটোৰ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই আলোচনা সত্ৰখনৰ প্ৰাসংগিকতা সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায়।

এনেধৰণৰ আলোচনা সত্ৰ অনুষ্ঠিত কৰিলে ছাত্ৰ -ছাত্ৰীসকলক অসমীয়া সংস্কৃতি সম্পৰ্কে সঠিক জ্ঞান প্ৰদানৰ লগতে অসমীয়া সংস্কৃতি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকল অৱগত হ'ব বুলি মন্তব্য কৰে অধ্যাপক ড° উপেন্দ্ৰ জিৎ শৰ্মাই । ভৱিষ্যতে এইসকল ছাত্ৰ -ছাত্ৰীয়ে অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰাক ৰক্ষা কৰিব লাগিব বুলিও তেওঁ কয়।

আলোচনা সত্ৰখনত ড° উপেন্দ্ৰজিৎ শৰ্মাই অসমীয়া সংস্কৃতিৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। এই আলোচনা সত্ৰখন পৰিচালনা কৰে অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° কৰুণা কান্ত দাস আৰু দেৱশ্ৰী ৰায়ে।

WhatsApp Image 2025-11-27 at 4.41.34 PM

আলোচনা সত্ৰখনত অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীসকলৰ মাজৰ পৰা "প্ৰাচীন অসমৰ স্বৰূপ আৰু অসম নামৰ উৎপত্তি","প্ৰাচীন কামৰূপৰ পীঠ বিভাজন আৰু প্ৰাচীন কামৰূপৰ ঐতিহ্য","প্ৰাচীন অসমৰ ধৰ্ম পৰম্পৰা","অসমৰ মানুহ","অসমীয়া সংস্কৃতিত নৃগোষ্ঠীয় অৱদান" ,"অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ উত্থান আৰু বিকাশ ", অসমীয়া সংস্কৃতিত সত্ৰ আৰু নামঘৰ", আধুনিক অসমীয়া সংস্কৃতিৰ গঠন" আদি বিষয়ত সৰ্বমুঠ ১৮ খন গৱেষণা পত্ৰ পাঠ কৰা হয়। সমল ব্যক্তিসকলে গৱেষণা পত্ৰসমূহৰ ওপৰত নিজৰ অভিমত ব্যক্ত কৰে। 

অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ অধ্যাপক ড° কৰুণা কান্ত দাসে। আলোচনা সত্ৰখনত অসমীয়া বিভাগৰ ছাইফুল হাচান,দেৱশ্ৰী ৰায়, ড° অলকা শৰ্মা প্ৰমুখ্যে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আলোচনা সত্ৰখনৰ শেষত জাতীয় সংগীত পৰিবেশন কৰা হয়।

ধুবুৰী