/asomiyapratidin/media/media_files/2026/01/23/689-2026-01-23-23-32-26.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : এইবাৰৰ গণতন্ত্ৰ দিৱসত গুৱাহাটী মহানগৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মাস্বৰূপ বিভিন্ন খাদ্যৰ সা-সোৱাদসমূহৰ ওপৰত এক বৈপ্লৱিক আলোচনাৰ সাক্ষী হ'বলৈ সাজু হৈছে। ২০২৬ চনৰ ২৬ জানুৱাৰীৰ পুৱা ১০:৩০ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ এম.চি.বি. ভৱনৰ ৩১১ নম্বৰ কোঠাত “অসমৰ থলুৱা খাদ্য ব্যৱস্থা - উদ্ধাৰ, পুনৰুজ্জীৱিতকৰণ আৰু পুনৰ কল্পনা: এক বহনক্ষম ভৱিষ্যতৰ বাবে অসমৰ খাদ্য ঐতিহ্য” শীৰ্ষক এখন অতি গুৰুত্ত্বপূৰ্ণ পেনেল আলোচনা অনুষ্ঠিত হ’ব।
গুৱাহাটীস্থ 'চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন', আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ 'স্কুল অৱ ক্লাইমেট চেঞ্জ এণ্ড চাচটেইনেবিলিটি', কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিচাৰ্চ' আৰু আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত আয়োজিত হ’বলগীয়া এই অনুষ্ঠানৰ লক্ষ্য হৈছে অসমৰ প্ৰাচীন ৰন্ধন-শিল্পৰ জ্ঞানসম্ভাৰক গাঁৱৰ চৰুৰ পৰা বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে এক আন্দোলনৰ সূচনা কৰা ।
দ্ৰুত নগৰীকৰণ আৰু সংসাধিত খাদ্যৰ আগ্ৰাসনে হিমালয়ৰ পাদদেশৰ এই অঞ্চলটোৰ অনন্য পুষ্টি-সুৰক্ষা আৰু জৈৱ-বৈচিত্ৰ্যক সংকটৰ মুখলৈ ঠেলি দিয়াৰ সময়তে এই আলোচনা-চক্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিব। আলোচনা-চক্ৰখনিত পৰম্পৰাগত জ্ঞানসম্ভাৰে কেনেদৰে জলবায়ু-পৰিৱৰ্তন আৰু আধুনিক জীৱনশৈলীজনিত ৰোগ আদিৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পাৰে, সেই বিষয়ে গভীৰভাৱে আলোকপাত কৰা হ’ব।
পূৰ্বপুৰুষৰ পৰম্পৰা আৰু আধুনিক বিজ্ঞানৰ মাজৰ ব্যৱধান দূৰ কৰি আয়োজকসকলে এক বহনক্ষম খাদ্য-ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে, য’ত সাংস্কৃতিক পৰিচয় আৰু পৰিৱেশ সংৰক্ষণে হাতে হাত ধৰি আগবাঢ়িব ।
এই আলোচনা-চক্ৰখনিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । 'ভোগালী জলপান'ৰ প্ৰতিষ্ঠাপক অজিত শৰ্মা বৰুৱা আৰু কিংবদন্তি ৰন্ধনশিল্পী অতুল লহকৰৰ দৰে উদ্যোগীৰ লগতে অধ্যাপক শিৱাশীষ বিশ্বাস, অধ্যাপক ৰাহুল মহন্ত আৰু ইতিহাসবিদ অধ্যাপক উত্তম বাথাৰীৰ দৰে বিদগ্ধ পণ্ডিতে অংশগ্ৰহণ কৰিব। লগতে সাংস্কৃতিক বিশেষজ্ঞ ডoবিদ্যুৎ বিকাশ সেনাপতি, আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু আৰু বহনক্ষমতা- বিশেষজ্ঞ অধ্যাপক শান্তনু গোস্বামী আৰু ডoঅৰবিন্দ লক্ষ্মীশা আৰু 'চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একচন ফাউণ্ডেশ্যন'ৰ ড০ কমল কুমাৰ তাঁতীৰ চিন্তাপ্ৰসূত মতামতে অসমৰ খাদ্য ব্যৱস্থাক এক স্থিতিস্থাপক আৰু স্বাস্থ্যকৰ পৃথিৱীৰ আৰ্হি হিচাপে পুনৰ কল্পনা কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে । অনুষ্ঠানটি সঞ্চালনা কৰিব খাদ্য গৱেষক ডoদিক্ষিতা ডেকাই ।
যিসকল ছাত্ৰ-ছাত্ৰী, নীতি নিৰ্ধাৰক আৰু খাদ্যপ্ৰেমীয়ে বিশ্বাস কৰে যে এক বহনক্ষম ভৱিষ্যতৰ ৰহস্য আমাৰ শিপাৰ মাজত লুকাই আছে, তেওঁলোকৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো অপৰিহাৰ্য। আমাৰ খাদ্যৰ প্লেটখন আৰু পৃথিৱীখনক সুৰক্ষিত কৰিবলৈ আমি কেনেদৰে থলুৱা বিজ্ঞানক আধুনিক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰিব পাৰোঁ, সেই বিষয়ে জানিবলৈ এয়া এক বিশেষ আমন্ত্ৰণ। অধিক তথ্য বা সংবাদ মাধ্যমৰ অনুসন্ধানৰ বাবে অনুগ্ৰহ কৰি +৯১-৮৭৩০৮০৪১০১ নম্বৰত বা ceacaindia@gmail.com ইমেইলত যোগাযোগ কৰিব পাৰে । আয়োজকসকলে অসমৰ খাদ্য ঐতিহ্য সুৰক্ষিত কৰাৰ এই আলোচনা-চক্ৰখনিত যোগদান কৰিবলৈ সকলো আগ্ৰহী ব্যক্তিক বিনম্ৰ অনুৰোধ জনাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us