/asomiyapratidin/media/media_files/2025/10/22/32-2025-10-22-09-48-34.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাংসহ সজাতি দলে মংগলবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত ভাগ লয়। দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং সৰ্বদিশত উন্নয়নৰ স্বাৰ্থত পাহাৰৰ সকলো জনপ্ৰতিনিধিৰে বিশেষ আলোচনা অনুষ্ঠিত হয় ৷
ড° তুলিৰাম ৰংহাংসহ অসম বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিন, বিধায়কসকল, কাৰ্বি পৰিষদৰ ইএম এমএচি সকলৰ উপস্থিতিত দুই পাহাৰীয়া জিলাৰ বিভিন্ন দিশত আলোচনা হয়। জিলা দুখনৰ আৰ্থ-সামাজিক, শিক্ষা, ৰাজনৈতিক বিষয়ত বিশেষভাৱে আলোচনা কৰে ৷
আলোচনা সভাত আগন্তুক দিনত পাহাৰীয়া জিলা কেন্দ্ৰীয়, ৰাজ্য আৰু স্বাযত্ব শাসিত পৰিষদৰ অধীন বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে বুলি জানিব পৰা গৈছে ৷