ধুবুৰীত আলোচনা চক্ৰ সম্পন্ন…

ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ সংস্কৃত বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা ইতিহাস সংকলন সমিতিৰ সহযোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ প্ৰেক্ষাগৃহত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ সংস্কৃত বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা ইতিহাস সংকলন সমিতিৰ সহযোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ প্ৰেক্ষাগৃহত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে "সামাজিক সমৰসতা আৰু ভাৰতবৰ্ষৰ উত্থান : বৰ্তমান প্ৰাসংগিকতাৰে এক অৱলোকন" শীৰ্ষক বিষয়ক এই আলোচনা চক্ৰখনি সুকলমে সম্পন্ন হয়। 

Advertisment

ধুবুৰী জিলা ইতিহাস সংকলন সমাতিৰ সভাপতি ড° দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয় আলোচনা চক্ৰখন। এই আলোচনাত ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্ব শাসিত)ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ধ্ৰুৱ কুমাৰ চক্ৰৱৰ্তী, ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰ, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা০ দেৱময় সান্নাল, ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অধ্যক্ষ ড° কিশোৰ শ্বাহ, ভাৰতীয় ইতিহাস সংকলন সমাতিৰ প্ৰান্ত মহিলা প্ৰমুখ জুৰি শৰ্মা, সংস্কৃত বিভাগৰ মুৰব্বী ড° মৌচুমী ভট্টাচাৰ্য আৰু সহকাৰী অধ্যাপক ড° চন্দ্ৰ শেখৰ উপাধ্যায় উপস্থিত থাকে। একেদৰে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উক্ত অনুষ্ঠানটোত উপস্থিত থাকে।

অনুষ্ঠানত ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাই কেইবাজনো আলোচকে বক্তব্য দাঙি ধৰে। লগতে অনুষ্ঠানত নাম প্ৰসংগ, সংস্কৃত গীত, সৰস্বতী বন্দনাৰো আয়োজন কৰা হয়।

dhubri