/asomiyapratidin/media/media_files/2025/08/10/68-2025-08-10-19-07-20.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত দেওবাৰে যুৱ সাংবাদিক সন্থা অসমৰ উদ্যোগত আৰু বালিপৰা প্ৰেছ ক্লাৱৰ সহযোগত “জনমত গঠনত সাংবাদিকতাৰ ভূমিকা ,উৰা বাতৰি আৰু খবৰৰ বিচ্যুতিৰ প্ৰভাৱ” শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘ ভৱনত অনুষ্ঠিত এই আলোচনা চক্ৰখনিৰ মূখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক-সমালোচক ময়ুৰ বৰাই ৷
নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভ উদ্বোধন কৰা গাম্ভীৰ্যপূৰ্ণ আলোচনাচক্ৰখনিৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতা আৰু মহাবিদ্যালয়খনিৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড°অশ্বিনী কুমাৰ ডেকাই ৷ যুৱ সাংবাদিক সন্থাৰ সভাপতি বুবুল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ঋতুপৰ্ণ চক্ৰৱৰ্ত্তীয়ে ৷