/asomiyapratidin/media/media_files/2025/08/08/41-2025-08-08-20-09-58.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পৰ্বতঝোৰাত ব্ৰহ্ম ধৰ্মৰ আধ্যাত্মিক গুৰু, গুৰুদেৱ কালী চৰণ ব্ৰহ্ম দেৱৰ স্বাধীনতা আন্দোলনত অৱদান সম্পৰ্কে ৰাজ্যিক ভিক্তিত আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত ৰাজ্যিক কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে।
উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাই মহাবিদ্যালয় প্ৰেক্ষাগৃহত গুৰুদেৱ কালী চৰণ ব্ৰহ্ম ন্যাস উদ্যোগত গুৰুদেৱ কালী চৰণ ব্ৰহ্ম মহাবিদ্যালয় আৰু বড়ো শিক্ষা সংস্কৃতি ন্যাস সহযোগত এই আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। বড়ো জনগোষ্টীৰ শৈক্ষিক, সামাজিক, কুসংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰি জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কাম কৰাৰ লগতে স্বাধীনতা আন্দোলনত গুৰুদেৱ কালী চৰণ ব্ৰহ্ম লগত একেলগে দিনে ৰাতিয়ে কাম কৰা ধুবুৰীৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ প্ৰয়াত গেয়াছুদ্দিন আহমেদৰ পৰিয়াল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
পৰিয়ালটোক সম্বৰ্ধনা জ্ঞাপন কৰে- গুৰুদেৱ কালী চৰণ ব্ৰহ্ম ন্যাস ,গুৰুদেৱ কালী চৰণ ব্ৰহ্ম মহাবিদ্যালয়ৰ কৃতপক্ষ ,বড়ো শিক্ষা, সংস্কৃতি ন্যাস, বড়ো সমাজ, ব্ৰহ্ম ধর্ম সমিতিয়ে । অনুষ্ঠানত মন্ত্ৰী মন্ত্ৰী উৰ্খাও গৌৰ ব্ৰহ্মই প্ৰয়াত অধিবক্তা তথা প্ৰাক্তন সাংসদ গেয়াছুদ্দিন আহমেদৰ নাতি নাতিনীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসা পত্ৰ আৰু গুৰু দেৱ কালী চৰণ ব্ৰহ্ম লগত শ্বিলংত ১৯২৯ চনত চাইমণ কমিশ্যনত স্মাৰক পত্ৰ দিয়া সময়ৰ এখন ফটো পৰিয়াল বৰ্গলৈ প্ৰদান কৰে।
তাৰোপৰি ৰাজনীতি প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছ, বিজেপি, বিপিএফ কাকো লৈ আমি শংকিত নহওঁ। ইউপিপিএলে নিজৰ লগতে যুঁজিব কাৰণ, গৰিষ্ঠ সংখ্যক আমাৰ লগতেই আছে। মুখ্যমন্ত্ৰীয়ে প্রথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীকলৈ ৰাজনীতিকলৈ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কোনে, কি লৈ ৰাজনীতি কৰিব বিচাৰিছে সেইবোৰৰ লগত ইউপিপিএল নাই, দ্বিতীয় শ্ৰেণী বোলা কোনো নাগৰিক সংবিধানত নাই।
তেওঁ আৰু কয়- এটা সময়ত জনজাতিসকলেহে সেইবোৰ কথা ক’বলৈ বাধ্য হৈছে। কাৰণ জনজাতি লোকসকলক অৱজ্ঞা কৰা হৈছিল। ইফালে দিলীপ শইকীয়াৰ ষষ্ঠ অনুসূচীত আৰু ট্ৰাইবেল বেল্ট ব্লকৰ ওপৰত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।