ধুবুৰী জাৰ্নেলিষ্ট'ছ এছ'ছিয়েচনৰ উদ্যোগত আলোচনা চক্ৰ সম্পন্ন

দেওবাৰে ধুবুৰী জাৰ্নেলিষ্ট'ছ এছ'ছিয়েচনৰ কাৰ্যালয় চৌহদত 'সমাজৰ শুদ্ধৰ প্ৰেক্ষাপট ৰচনাত সংবাদপত্ৰ আৰু সাংবাদিকৰ দায়বদ্ধতা' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰে

author-image
Asomiya Pratidin
New Update
new ap web dhuburi

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ অন্যতম পুৰণি সংগঠন ধুবুৰী জাৰ্নেলিষ্ট'ছ এছ'ছিয়েচন চমুকৈ ডি জে এ ই দেওবাৰে ধুবুৰী জাৰ্নেলিষ্ট'ছ এছ'ছিয়েচনৰ কাৰ্যালয় চৌহদত 'সমাজৰ শুদ্ধৰ প্ৰেক্ষাপট ৰচনাত সংবাদপত্ৰ আৰু সাংবাদিকৰ দায়বদ্ধতা' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰে। এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত আলোচনা চক্ৰত ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ভালে সংখ্যক ছাত্ৰীয়েও আজিৰ এই আলোচনা চক্ৰত অংশ কৰে।  ধুবুৰী জাৰ্নেলিষ্টছ এছ'ছিয়েচন চমুকৈ ডি জে এ ৰ সভাপতি প্ৰণৱাশীষ ৰয়ৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত আজিৰ আলোচনা চক্ৰৰ মূল উদ্যেশ্য ব্যাখ্যা কৰে ডি জে এ ৰ সম্পাদক আছিকুৰ ৰহমানে।

আজিৰ আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰি ধুবুৰী জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা ৰাণী দাসে কয় যে, গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৷ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য হৈছে– দেশৰ সামগ্ৰিক উন্নয়নৰ লগতে জনগণৰ পক্ষত থাকি সমাজক সংঘবদ্ধ কৰা আৰু বিজ্ঞানসন্মত, সঠিক পথৰ সন্ধান কৰা বা দেখুৱাই দিয়া৷সমাজত কোনোবাই ভুল-ত্ৰুটি কৰিলে সেইবোৰ আঙুলিয়াই দি দেশৰ উন্নয়নৰ হকে মাত মতা৷সৰ্বসাধাৰণৰ দৃষ্টিত সংবাদ মাধ্যম সত্য আৰু ন্যায়ৰ প্ৰতীক৷ সত্যক সঠিক দিশত প্ৰতিষ্ঠা কৰাটোৱেই সংবাদ মাধ্যমৰ প্ৰকৃত ধৰ্ম হ’ব লাগে বুলি তেওঁ ভাষণ প্ৰসংগত কয়।

আনহাতে ধুবুৰীৰ বিশিষ্ট সমাজ সেৱক তথা ক্ৰীড়া সংগঠক অমল কুমাৰ সাহাই আজিৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি কয় যে, সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা সংবাদ মাধ্যমৰ পৰা সমাজে বহু কিবাকিবি আশা কৰে– যিবোৰ শাসনৰ গাদীত বহি থকা ৰাজনৈতিক নেতা বা দলৰ পৰা অথবা আমোলা -বিষয়াৰ পৰা আশা কৰিব নোৱাৰি৷ সাধাৰণ ৰাইজে সংবাদ মাধ্যমক যেনেকৈ সত্য আৰু ন্যায়ৰ প্ৰতীক বুলি ভাবে।

বৃত্তিটোত জড়িত হৈ থকা লোকসকলকো তেনেদৰেই ভাবে ৷ কাৰণ বাতৰিকাকতখন বা চেনেলটোক পৰিচালনা কৰে বৃত্তিটোত জড়িত থকা লোকসকলে অৰ্থাৎ সাংবাদিকসকলে ৷

সেই দিশৰ পৰা সাংবাদিক সকলো ন্যায়ৰ প্ৰতীক৷ন্যায়ৰ প্ৰতীক হিচাপে সাংবাদিকসকলে সমাজ গঠনত কেনে ভূমিকা গ্ৰহণ কৰিব লাগে, সেই কথা বহলাই কোৱা নিষ্প্ৰয়োজন বুলি তেওঁ ভাষণ প্ৰসংগত কয়৷ ইয়াৰ পিচতে ধুবুৰী আদালতৰ অধিবক্তা তথা ধুবুৰীস্থ 'দ্য আছাম ট্ৰিবিউন' কাকতৰ সংবাদদাতা ইৰফানউল্লাহ খণ্ডকাৰে কয় যে,  ভাৰতৰ প্ৰেছৰ ইতিহাস ঔপনিৱেশিক যুগৰ পৰাই আৰম্ভ হয় যেতিয়া প্ৰথমখন কাকত প্ৰতিষ্ঠা হৈছিল।

সজাগতা বৃদ্ধি আৰু জাতীয়তা বাদী আৱেগ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ১৯ শতিকাত ভাৰতীয় প্ৰেছৰ যথেষ্ট বিকাশ আৰু সম্প্ৰসাৰণ ঘটিছিল।  ৰাজা ৰাম মোহন ৰায়ে সংবাদ কৌমুডী প্ৰতিষ্ঠা কৰি মুক্ত মত প্ৰকাশৰ সমৰ্থন, ব্ৰিটিছ চেঞ্চৰ শ্বিপক প্ৰত্যাহ্বান জনাই আৰু সমাজ সংস্কাৰক সমৰ্থন কৰি সংবাদ মাধ্যমৰ স্বাধীনতাত অৰিহণা যোগাইছিল বুলি তেওঁ কয়।

খণ্ডকাৰে কয় যে, দ্যা হিন্দু, অমৃত বাজাৰ পত্ৰিকা, কেছাৰীৰ দৰে প্ৰকাশনে ব্ৰিটিছ উপনিবেশবাদৰ বিৰুদ্ধে জনমত গঠন কৰাত  সহায় কৰিছিল। ব্ৰিটিছ শাসন, স্বাধীনতা আন্দোলন, স্বাধীনতাৰ পিছৰ প্ৰত্যাহ্বানৰ দ্বাৰা প্ৰভাৱিত হৈ ভাৰতীয় সাংবাদিকতাৰ বছৰ বছৰ ধৰি যথেষ্ট বিকাশ ঘটিছে।

ধুবুৰীস্থ 'দ্য আছাম ট্ৰিবিউন' কাকতৰ সংবাদ দাতা ইৰফানউল্লাহ খণ্ডকাৰে তেওঁৰ ভাষণত কয় যে, স্বাধীনতা সংগ্ৰামী তথা জাতিৰ পিতা মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, জৱাহৰলাল নেহৰুৰ দৰে নেতাই সংবাদ মাধ্যমৰ শক্তি ব্যৱহাৰ কৰি ভাৰতীয়ৰ ওচৰলৈ গৈ সংগঠিত কৰিছিল। গান্ধীয়ে নিজেই ইয়ং ইণ্ডিয়া আৰু হৰিজন সম্পাদনা কৰিছিল, এই প্ৰকাশনসমূহ ব্যৱহাৰ কৰি অহিংসা, সত্য, আৰু স্বৰাজ (আত্মশাসন)ৰ ওপৰত তেওঁৰ ধাৰণা সম্প্ৰচাৰ কৰিছিল বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য সভাৰ আগত দাঙি ধৰে।

আজি অনুষ্ঠিত উক্ত আলোচনা চক্ৰত ধুবুৰীৰ বিশিষ্ট সমাজসেৱী তথা অৱসৰী শিক্ষক পীয়ূষ কান্তি দত্ত, ধুবুৰীৰ বিশিষ্ট লেখিকা ছুলতানা চেলিমা আহমেদ, বিশিষ্ট সমাজ সেৱক সন্জীৱ কুণ্ডু, ধুবুৰীৰ কণিষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হককে ধৰি বহু বাশিষ্ট লোকে বক্তব্য দাঙি ধৰি সমাজ খনক শুদ্ধ পথত চলাই নিয়াৰ বাবে প্ৰতিজন নাগৰিককে আগৱাঢ়ি অহাৰ বাবে আহ্বান জনায়। ইয়াৰ পিচত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ কাম সমাপ্ত কৰা হয়।

ধুবুৰী জিলা