
ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ নীলবাগান-মোৰাঝাৰ গড়কাপ্তানী পথৰ কাষত থকা সুতাৰপুৰ আইডি চাৰ্ভিচ ষ্টেচনত গ্ৰাহকক তেল কমকৈ দিয়াক লৈ আজি বিয়লি ৩-৩০ বজাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । উত্থাপিত অভিযোগ মতে আজি বিয়লী আব্দুল কাইয়ুম নামৰ বাইক চালকে AS02 C 3096 নম্বৰৰ মটৰ চাইকেলত ১০০ টকাৰ পেট্ৰল ভৰাই গন্তব্যস্থললৈ ৰাওনা হৈছিল । কিন্তু আব্দুল কাইয়ুম মাত্ৰ এক কিলোমিটাৰ বাট জয়নগৰ বজাৰলৈ গৈ পেট্ৰল নাইকিয়া হোৱাত বাইকৰ ষ্টাৰ্ট বন্ধ হৈ পৰে ।
তেতিয়া পেট্ৰল টেংকিত পেট্ৰল নেদেখি হতভম্ব হয় আৰু অভিযোগ লৈ আব্দুল কাইয়ুম পেট্ৰল পাম্পত উপস্থিত হোৱাত সৃষ্টি হয় প্ৰতিবাদ । প্ৰথমে পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে উক্ত অভিযোগ মানি লোৱাৰ বিপৰীতে ধমক দিয়াৰ অভিযোগ উত্থাপন কৰে আব্দুল কাইয়ুম । পিছত উপস্থিত লোকৰ সন্মূখত আব্দুল কাইয়ুমে কৰা অভিযোগৰ সত্যতা মানি লৈ পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে পুনৰ এশ টকাৰ পেট্ৰল ভৰাই যাব দিয়ে । কিন্তু উপস্থিত গ্ৰাহক সন্তুষ্ট নোহোৱাত বাইকৰ টেংকিৰ পৰা তেল উলিয়াই জূখিবলৈ কয় ।
কিন্তু পাম্পৰ কৰ্মচাৰীয়ে টেংকিৰ পৰা পাত্ৰত তেল উলিয়াই বাৰান্দাত থৈ পিছফালে আঁতৰি যায় । টেংকিৰ পৰা ওলোৱা তেল এটা বটলত ঢালি জোখতকৈ কম হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কিছু সময় অপেক্ষা কৰি বাইক চালক আব্দুল কাইয়ুমে বাইকত পূণৰবাৰ পেট্ৰল নভৰোৱকৈ উক্ত স্থান ত্যাগ কৰা বুলি জনা গৈছে । ইপিনে ঘটনাৰ খবৰ পাই পেট্ৰল পাম্পত উপস্থিত হোৱা সাংবাদিকৰ এটা দলে ভিডিঅ ৰেকৰ্ডিং কৰে ।
বাইক চালকে তেল কমকৈ দিয়া অভিযোগ সন্দৰ্ভত পেট্ৰল পাম্পৰ পৰিচালকে মন্তব্য দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উঠিছে । উল্লেখযোগ্য যে ,যোৱা ২২ ফেব্ৰুৱাৰীত অনুৰূপ ধৰণৰ গ্ৰাহকক তেল কমকৈ দিয়াৰ অভিযোগ উত্থাপিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় সচেতন মহলে।