সমাজবাদী আন্দোলনৰ নেতা দিপ্তী কুমাৰ বৰুৱাৰ মৃত্যু

অসমৰ সমাজবাদী আন্দোলনৰ অন্যতম নেতা, বিশিষ্ট সমাজকৰ্মী তথা নগাঁৱৰ কচলুখোৱা নিবাসী দিপ্তী কুমাৰ বৰুৱাৰ (৮২) দেওবাৰে নিশা মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
547

ডিজিটেল সংবাদ, নগাঁও : অসমৰ সমাজবাদী আন্দোলনৰ অন্যতম নেতা, বিশিষ্ট সমাজকৰ্মী তথা নগাঁৱৰ কচলুখোৱা নিবাসী দিপ্তী কুমাৰ বৰুৱাৰ (৮২) দেওবাৰে নিশা মৃত্যু হয়। বৰ্তমান হোজাই জিলাৰ লংকা বৰবহাত জন্মগ্ৰহণ কৰা বৰুৱা ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিছিল।

সমাজবাদী চিন্তা চেতনাৰে সমৃদ্ধ বৰুৱাই মস্কোত কেইবছৰমান অধ্যয়ন কৰাৰ লগতে মস্কো ৰেডিঅ'ত অসমীয়া বিভাগৰ ঘোষক আছিল। মস্কোৰ পৰা উভতি অহাৰ পিছত বৰবহাত কৃষিকাৰ্যৰ লগত জড়িত হৈ কৃষি অৰ্থনীতি শক্তিশালী কৰাত মনোনিবেশ কৰা বৰুৱা আছিল এজন মিতব্যয়ী লোক।

অসমীয়া কৃষ্টি- সংস্কৃতিৰ হকে কাম কৰা বৰুৱা পৰৱৰ্তী সময়ত অসমৰ বিশিষ্ট চিন্তানায়ক ,ৰাজনীতিবিদ  প্ৰয়াত নিবাৰণ বৰাৰ সংস্পৰ্শলৈ আহি ৰাজনীতিৰ পথাৰত ভৰি দিয়ে। তেওঁ প্ৰয়াত নিবাৰণ বৰা নেতৃত্বাধীন সংযুক্ত লোক পৰিষদৰ পৰা নগাঁও সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজিত হয়।

পৰৱৰ্তী সময়ত তেওঁ ১৯৯৯ চনত অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম গণ সংগ্ৰাম পৰিষদত যোগ দি দলটোৰ নগাঁও জিলা সমিতিৰ সভাপতি নিৰ্বাচিত হয়। ২০০১ চনত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচনত দলটোৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বঢ়মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও সফল নহ'ল।

প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ পোষকতা কৰা দিপ্তী কুমাৰ বৰুৱা পৰৱৰ্তী সময়ত ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হয় আৰু সংঘৰ নগাঁও জিলা সমিতিৰ কেবাটাও কাৰ্যকালৰ সভাপতি হিচাপে মৃত্যুৰ সময়লৈকে দ্বায়িত্ব পালন কৰিছিল। নগাঁও জিলাত গণনাট্য সংঘৰ সংগঠন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দিপ্তী কুমাৰ বৰুৱাই পদচিহ্নকে ধৰি কেবাখনো গ্ৰন্থ লিখি থৈ গৈছে।

তেওঁৰ মৃত্যুত নগাঁও, হোজাই, লংকা আদিত শোকৰ ছাঁ পৰিছে। প্ৰাক্তন বিধায়ক তথা চিপিআইৰ নেতা মুনীন মহন্ত, নগাঁও জিলা চি পি আইৰ সম্পাদক ৰাতুল বৰা, অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকা, ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক সমিতি, নগাঁও জিলা সমিতি, অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ দুই জীয়ৰী, জোঁৱাইসহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে।

নগাঁও