তুলসীমুখত সংঘটিত পথ দুৰ্ঘটনাত দিপ্তী বৰাৰ বিয়োগ

নগাঁও জিলাৰ বৰপাঠৰী ভোটাইগাঁও নিবাসী তথা সমাজকৰ্মী উমা বৰাৰ পত্নী দিপ্তী বৰাৰ (৫৩) সোমবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈ আকস্মিকভাৱে মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
23

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বৰপাঠৰী ভোটাইগাঁও নিবাসী তথা সমাজকৰ্মী উমা বৰাৰ পত্নী দিপ্তী বৰাৰ (৫৩) সোমবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈ আকস্মিকভাৱে মৃত্যু হয় ৷ উল্লেখ্য যে, নৱগঠিত ৰহা সমষ্টিৰ অন্তৰ্গত তুলসীমুখ ষ্টেণ্ডৰ সন্মুখত বিপৰীত দিশৰ পৰা অহা দুজন উদণ্ড বাইক আৰোহীৰ বাবে আন দিশৰ পৰা ধীৰগতিৰে আহি থকা বাইক আৰোহী উমা বৰাই নিজে চলাই অহা বাইকখনৰ ব্ৰেক মাৰি ৰখাই দিয়াত বাইকত বহি অহা তেওঁৰ পত্নী দিপ্তী বৰা বাইকৰ পৰা উফাল খাই পৰে আৰু লগে লগে তেওঁৰ কাণেৰে তেজ ওলাবলৈ ধৰে ৷

লগে লগে তেওঁক বুঢ়াগোহাঁই প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰু ততালিকে নগাঁৱৰ নিদান হাস্পতালত ভৰ্তি কৰাই যদিও আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকাৰ পথত সোনাপুৰত মৃত্যুক আকোঁৱালি লয় ৷ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মহিলা গৰাকী মৃত বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে নগাঁও জিলাৰ বহু গ্ৰামাঞ্চলত একাংশ উদণ্ড বাইক চালকে তীব্ৰ গতিত বাইক চালনাৰ বাবে দিনে ৰাতিয়ে বহু পথচাৰীৰ বাবে সন্ত্ৰাস সৃষ্টি হৈ আহিছে ৷ এই সকল উদণ্ড বাইক চালকৰ বাবে বহু সময়ত বহু লোকৰ প্ৰাণহানি হৈছে ৷ কালিও তুলসীমুখ ষ্টেণ্ডৰ সন্মুখত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাটো এই সকল উদণ্ড বাইক চালকৰ বাবেই সংঘটিত হ'ল বুলি  দাবী তুলিছে একাংশ প্ৰতক্ষ্যদৰ্শীয়ে ৷  

উল্লেখ্য যে অমায়িক, মৃদুভাষী,হাঁহিমুখীয়া বৰাই মৃত্যুৰ সময়ত স্বামী উমা বৰাৰ লগতে এগৰাকী জীয়ৰী,এজন জোঁৱাই,এজন পুত্ৰ, বোৱাৰী,নাতি আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে ৷

পথ দুৰ্ঘটনা