আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলনঃ অসমক প্ৰতিনিধিত্ব কৰিব দীপৰাজ চক্ৰৱৰ্তীয়ে

ল’ছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলন-২০২৬ত অসমক প্ৰতিনিধিত্ব কৰিব অসম সন্তান দীপৰাজ চক্ৰৱৰ্তীয়ে।

author-image
Asomiya Pratidin
New Update
lklk

নিউজ ডেস্কঃ ল’ছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলন-২০২৬ত অসমক প্ৰতিনিধিত্ব কৰিব অসম সন্তান দীপৰাজ চক্ৰৱৰ্তীয়ে। ‘ৰাহে’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক দীপৰাজ চক্ৰৱৰ্তীয়ে এই সন্মিলনত অসমক প্ৰতিনিধিত্বৰ বাবে নিমন্ত্ৰণ লাভৰ কৰাৰ পাছতে ‘ৰাহে’ৰ সৈতে জড়িত প্ৰতিগৰাকী স্বেচ্ছাসেৱক, সমৰ্থক গৌৰৱাম্বিত তথা আনন্দিত হৈ পৰে। 

ৰাহে ফাউণ্ডেশ্বন এটা সৰু উদ্যম হিচাপে আৰম্ভ কৰা হৈছিল, যাৰ প্ৰধান উদ্দেশ্য আছিল সহায় বিচৰা লোকসকলৰ সৈতে থিয় দিয়া। নাৰী সবলীকৰণ, নাৰীক সন্মান প্ৰদান, শিশুসকলৰ সপোনসমূহ পূৰণ কৰা, শিশুক শিক্ষা প্ৰদান কৰা, কৰ্কট ৰোগীৰ সহায় কৰা আদিয়েই হৈছে ৰাহেৰ মূল উদ্দেশ্য। 

WhatsApp Image 2026-02-22 at 2.04.25 PM

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলনৰ তৰফৰ পৰা প্ৰেৰণ কৰা এই নিমন্ত্ৰণে এক প্ৰকাৰে ৰাহে ফাউণ্ডেশ্বনে নীৰৱে কৰি অহা প্ৰয়াস, পালন কৰা দায়িত্ব আদিৰ প্ৰতিফলন। 

অসম