/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-11-29-52.jpg)
ডিজিটেল ডেস্কঃSIR ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই। তেওঁ কয় যে এয়া হ'ল এক সাংবিধানিক, বিধিগত এটা আইনী প্ৰচেষ্টা।বিৰোধী শাসনলৈ আহিব নোৱাৰিলেই কংগ্ৰেছৰ নেতৃত্বত একাংশই গণতান্ত্ৰিক সংস্থা সমূহক বদনাম কৰিবলৈ পদ্ধতিগত চেষ্টা কৰে আৰু কংগ্ৰেছৰ এই চেষ্টাক ভাৰতৰ সচেতন ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। শীতকালীন অধিৱেশনত দুই সদনত ইয়াক কেন্দ্ৰ কৰি বিৰোধীয়ে সদন উত্তাল কৰাক লৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/752ecdfd-388.png)
তেওঁ লগতে জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ লৈও মন্তব্য কৰে। শৰ্মাৰ মতে - ১৯৪৭ চনৰ পৰা কংগ্ৰেছে ৰাইজক ললিপ'প দি শাসন ভাৰ চলাই আছিল।ছয় জনগোষ্ঠীৰ জনজাতিকৰন এটা কাৰিকৰী বিষয় লগতে এটা সংবেদনশীল বিষয়,মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে লগত লৈ বৰঅসমৰ যি পৰিকল্পনাৰে মন্ত্ৰী গোটৰ প্ৰতিবেদন দিছে সেইটো মুখ্যমন্ত্ৰীৰ লগতে আমাৰ চৰকাৰৰ এটা সৎ প্ৰচেষ্টা।
ইফালে তেওঁ জানিব দিয়ে যে- চামগুৰিত অতিশীঘ্ৰেই উচ্ছেদ আৰম্ভ হ'ব। চামগুৰিৰ বেদখলকৃত ভূমিৰ ওপৰতো চৰজমিন তদন্ত চলি আছে।চামগুৰিত বেআইনী ভাৱে চৰকাৰী মাটি দখল কৰা সকলৰ বিৰুদ্ধেও চৰকাৰে অতি সোনকালে উচ্ছেদ চলাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us