জুবিন গাৰ্গে জীৱনৰ শেষৰটো দীপাৱলী কেনেদৰে উদযাপন কৰিছিল, চাৱক PHOTOS...

সেই দিনটো আছিল ২০২৪ৰ চনৰ ৩১অক্টোবৰ, মঙলবাৰ। সমগ্ৰ দেশে উদযাপন কৰিছিল পোহৰৰ উৎসৱ দীপাৱলী।  পোহৰৰ সেই দিনটোত পত্নী গৰিমাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল জুবিনে। কাহিলীপাৰাৰ ঘৰটো

author-image
Asomiya Pratidin
New Update
ijjjdd

ডিজিটেল ডেস্কঃ সেই দিনটো আছিল ২০২৪ৰ চনৰ ৩১অক্টোবৰ, মঙলবাৰ। সমগ্ৰ দেশে উদযাপন কৰিছিল পোহৰৰ উৎসৱ দীপাৱলী।  পোহৰৰ সেই দিনটোত পত্নী গৰিমাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল জুবিনে। কাহিলীপাৰাৰ ঘৰটো ফুল আৰু চাকিৰে সুন্দৰকৈ সজাই তুলিছিল গৰিমাই।

568033961_1337627701065607_4853900150537485064_n

পত্নী গৰিমাৰ ঘৰৰ মূল দুৱাৰৰ সন্মুখত আকিছিল ৰংগোলী। ফুল আৰু ৰঙেৰে ঘৰৰ ভিতৰতো বহুকেইটা ৰংগোলী অংকণ কৰিছিল গৰিমাই। কোনো ফটকা নুফুটোৱাকৈ কেৱল চাকিৰে জুবিন- গৰিমাই সেইবাৰ একেলগে উদযাপন কৰিছিল দীপাৱলী।

565801404_1337627791065598_7405102832046123736_n

জুবিনে জীৱিত কালত সদায়েই পোহৰৰ উৎসৱ দীপাৱলীক কেৱল পোহৰেৰে উদযাপন কৰাতো বিচাৰিছিল। শব্দ প্ৰদূষণৰ লগতে ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ কৰাৰ বিৰোধিতা কৰিছিল জুবিনে।

565711063_1337627897732254_5898320716193839598_n

যেনেকৈ আহ্বান জনাইছিল, তেনেকৈয়ে তেওঁ নিজেও উদযাপন কৰিছিল পোহৰৰ উৎসৱ দীপাৱলী। জু ৰোডৰ ঘৰখন আৰু খাৰঘূলিত থকাৰ সময়তো তেওঁ কেৱল চাকি-বন্তিৰেই উদযাপন কৰিছিল দীপাৱলী।

567312259_1337627851065592_5607030365451290313_n

জুবিন গাৰ্গ