গোৱাত টকাৰ ওপৰতে শুইছিল মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মন! নগদ ২৭লক্ষাধিক টকা উদ্ধাৰ...

গোৱাত টকাৰ ওপৰতে শুইছিল মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মন! নগদ ২৭লক্ষাধিক টকা উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
গোৱাত টকাৰ ওপৰতে শুইছিল মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মন! নগদ ২৭লক্ষাধিক টকা উদ্ধাৰ...

ডিজিটেল ডেস্কঃ ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দিপাংকৰ বৰ্মনক শেহতীয়াকৈ গোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিমানেৰে অসমলৈ অনাৰ কথা আছিল যদিও বিমানৰ টিকট নথকাৰ বাবে সোমবাৰে অসমলৈ আনিব ধৃত প্ৰৱঞ্চকটোক।

Advertisment

গ্ৰেপ্তাৰ কৰাৰ পাছতে দিপাংকৰে ইমানদিনে গোৱাত থকা কোঠাত আৰক্ষীয়ে প্ৰৱঞ্চকটোক লৈ তালাচী চলায়। এই তালাচীত নগদ লাখ লাখ টকাৰ লগত সোণৰ বহু আ-অলংকাৰ আৰু পাৰ্চপৰ্টো জব্দ কৰো আৰক্ষীয়ে।

অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মনৰ ওচৰত নগদ ২৭লাখ ৬হাজাৰ ৭৫০টকা জব্দ কৰে। গোৱাৰ পানাজীৰ পৰা গ্ৰেপ্তাৰ কৰা দিপাংকৰ বৰ্মনক গুৱাহাটীলৈ অনাৰ পাছতে চিবিআয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে। আজি গোৱাৰ আদালতত হাজিৰ কৰা হব।

দিপাংকৰ বৰ্মন