/asomiyapratidin/media/media_files/2025/10/11/dddddddddddddddddddddddddd-2025-10-11-13-38-53.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা বৰ্তমান গুৰুতৰভাৱে অসুস্থ। যকৃতজনিত ৰোগত বিগত বহুদিন ধৰি অসুস্থ হৈ থকা বাঁহীবাদকগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা শিল্পীগৰাকীক ভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত।
শৰ্মাৰ উন্নত চিকিতসাৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়েও অৰ্থ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁক প্ৰদান কৰা হৈছে ৫লাখ টকা। ৯অক্টোবৰ, ২০২৫ত মুখ্যমন্ত্ৰীয়ে এই ধনৰাশি চেকযোগে প্ৰদান কৰিছে শিল্পীগৰাকীৰ পৰিয়ালক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/11/6847eece-fa92-429d-b4c6-962fd20cf63a-2025-10-11-13-44-24.jpeg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বেও শিল্পীগৰাকীৰ উন্নত চিকিতসাৰ বাবে অসম চৰকাৰ তথা বিভিন্ন দল-সংগঠনে সহায়ৰ হাত আগবঢ়াইছিল। কিছুদিন সুস্থ হৈ থকা শিল্পীগৰাকীৰ স্বাস্থ্য শেহতীয়াকৈ অধিক অৱনতি ঘটিছিল। যাৰ বাবে তেওঁক পুনৰ ভৰ্তি কৰা হৈছিল হস্পাতালত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us