/asomiyapratidin/media/media_files/2025/11/12/ccccccccccc-2025-11-12-23-49-29.jpg)
ডিজিটেল সংবাদ, গহপুৰ: গহপুৰ সমজিলাৰ বৰঙাবাৰীৰ জাৰনিয়াল সত্ৰৰ সত্ৰাধিকাৰ,বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীননাথ গোস্বামী (৮৩) আৰু নাই।এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত জীৱন মৃত্যুৰে যুঁজি আজি পুৱা প্ৰায় ৬-৩০ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
ব্ৰহ্মাজান দৰিয়াখাট নিবাসী দীননাথ গোস্বামী অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি আছিল।বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত দীননাথ গোস্বামী এগৰাকী নামাচাৰ্য্য আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হিচাপে সুপৰিচিত আছিল।ছয়দুৱাৰ ব্ৰহ্ম সমাজৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰা দীননাথ গোস্বামী অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য আছিল।
ইয়াৰ উপৰিও শৈক্ষিক সেৱাৰ লগতো তেওঁ নিবিড় ভাবে জড়িত আছিল।জীৱনৰ সুদীৰ্ঘ দিন শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ অহা দীননাথ গোস্বামীয়ে ২০০১ চনত ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰজহাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।
তেওঁৰ মৃত্যুত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ নশ্বৰদেহ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেওঁ দুগৰাকী পুত্ৰ, দুগৰাকী বোৱাৰী,এগৰাকী বিবাহিত জীয়ৰী, এগৰাকী জোঁৱাই, পাঁচটি নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us