/asomiyapratidin/media/media_files/2026/03/04/225-2026-03-04-21-44-09.jpg)
ডিজিটেল ডেস্ক : ভৰলুমুখৰ নৱনিৰ্মিত দীনেশ গোস্বামী উৰণ সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পবিত্ৰ দৌল উৎসৱৰ সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ মাজমজিয়াত একাধিক প্ৰকল্প মুকলি কৰাৰ লগতে শিলান্যাস কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/04/644540560_15-2026-03-04-21-44-52.jpg)
প্ৰথমে তেওঁ দীনেশ গোস্বামী উৰণ সেতু মুকলি কৰি তাৰ পাছতে শৰাইঘাট ৰণ স্মৃতিসৌধ মুকলি কৰে। এই দুটা প্ৰকল্প মুকলি কৰাৰ পাছত তেওঁ ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যান সম্প্ৰসাৰণ প্ৰকল্পটিৰ শিলান্যাস কৰে।
এই সন্দৰ্ভত তেওঁ কয় যে, উন্নয়ন আৰু ঐতিহ্যৰ সমাহাৰেৰে আজি আপোনালোকলৈ আগবঢ়ালোঁ- গুৱাহাটীৰ ভৰলুমুখত নিৰ্মিত দীনেশ গোস্বামী উৰণ সেতুখনি আৰু শৰাইঘাট ৰণ স্মৃতিসৌধ ৷ আধুনিক আন্তঃগাঁথনিৰে মহানগৰীৰ যোগাযোগ ব্যৱস্থা অধিক সুচল কৰাৰ দিশত উৰণ সেতুখনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/04/645424355_150160981-2026-03-04-21-45-09.jpg)
একে সময়তে শৰাইঘাট ৰণস্মৃতিৰ মহান বীৰসকলৰ আত্মবলিদানক চিৰস্মৰণীয় কৰি তোলা স্মৃতিসৌধে আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু জাতীয় চেতনাক নতুন প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰাখিব। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীপাৰ উদ্যান সম্প্ৰসাৰণ প্ৰকল্পটিৰ শিলান্যাস কৰিবলৈ পাই আনন্দিত হৈছোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us