পাহাৰীয়া ডিমৌ নৈত বনভোজপ্ৰেমীৰ ব্যাপক সমাগম

ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ কোলাত ক্ষণিক জিৰণি ল'বলৈ আহিল ৰাইজ। মনে মিলা সমনীয়া আৰু জ্ঞাতি কুটুমৰ সৈতে জনপ্ৰিয় গীতৰ তালে- তালে নাচি বাগি ৰং-ধেমালি কৰি এসাঁজ জুতি লগাই খাবলৈ বহিল বনভোজৰ দল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ চাওতে চাওতে মেলানি মাগিব হ’ল ২০২৫ বৰ্ষৰ। উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন বনভোজস্থলী। অজস্ৰ বনভোজকাৰী দলে ভিৰ কৰিছে বনভোজস্থলীত। লগে ভাগে এসাঁজ খোৱাৰ লগতে নাচি-বাগি আনন্দত মতলীয়া হৈছে সকলো। বিগত দিনবোৰৰ দৰে এইবাৰো বছৰৰ শেষৰ দিন কেইটাত পাহাৰীয়া ডিমৌ নদীত দেখা গৈছে বনভোজ দলৰ ব্যাপক সমাগম।

উল্লেখ্য যে, ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ কোলাত ক্ষণিক জিৰণি ল'বলৈ আহিল ৰাইজ। মনে মিলা সমনীয়া আৰু জ্ঞাতি কুটুমৰ সৈতে জনপ্ৰিয় গীতৰ তালে- তালে নাচি বাগি ৰং-ধেমালি কৰি এসাঁজ জুতি লগাই খাবলৈ বহিল বনভোজৰ দল। অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰৰ অঞ্চলৰ মাজেৰে বৈ অহা প্ৰাকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা পাহাৰীয়া ডিমৌ নদীত বনভোজ খাবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে অসংখ্য বনভোজৰ দল। লগৰ সমনীয়া, আপোনজনৰ সৈতে গীত গাই আৰু আনন্দত আত্মহাৰা হৈ পৰিছে ৰাইজ। 

একাংশই ডিমৌ নদীৰ নিৰ্মল জলধাৰাত জলকেলি কৰিছে। এসাজ তৃপ্তিৰে খাই পুৰণিক বিদায় দি নতুনক আদৰি লোৱাৰ প্ৰস্তুতি চলিছে। বনভোজ খোৱাৰ বাধা নাই কিন্তু খোৱাৰ পিছত য'তে ত'তে লেতেৰা সামগ্ৰী বিসৰ্জন দি প্ৰাকৃতিক পৰিবেশ বিনষ্ট নকৰিবলৈ বনভোজ দলৰ প্ৰতি ৰাইজে আহ্বান জনালে।

চিলাপথাৰ