প্ৰিয় শিল্পীক হেৰুৱাই শোকস্তব্ধ বৃহত্তৰ ডিমৰীয়াৰ ৰাইজঃ ধোপগুৰিত স্মতিচাৰণ অনুষ্ঠান

অসমীয়া জাতিৰ হৃদস্পন্দন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে বৃহত্তৰ ডিমৰীয়াৰ অঞ্চলটো শোকৰ ছাঁ পৰিছে।

author-image
Tushar Pratim
New Update
প্ৰিয় শিল্পীক হেৰুৱাই শোকস্তব্ধ বৃহত্তৰ ডিমৰীয়াৰ ৰাইজঃ ধোপগুৰিত স্মতিচাৰণ অনুষ্ঠান

ডিজিটেল সংবাদ ডিমৰীয়াঃ অসমীয়া জাতিৰ হৃদস্পন্দন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে বৃহত্তৰ ডিমৰীয়াৰ অঞ্চলটো শোকৰ ছাঁ পৰিছে। আজি সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ী প্ৰতিস্থানসমূহ বন্ধ ৰাখি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। 

সন্ধিয়া ভাগত ধোপগুৰি সমন্বয় ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত জনতাৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কেইবা শতাধিক লোকে সমস্বৰে "মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি’’ শীৰ্ষক গীত পৰিৱেশন কৰি স্মৰণ কৰে মৰমৰ শিল্পীগৰাকীক।

লগতে মৌন প্ৰাৰ্থনা , স্মৃতিচাৰণ কৰি শিল্লীগৰাকীৰ জীৱন দৰ্শন সৰ্ম্পকেও আলোচনা হয়। আনহাতে অঞ্চলটোৰ অনেক স্থানত সহস্ৰ বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীক স্মৰণ কৰা হয়।

জুবিন গাৰ্গ