/asomiyapratidin/media/media_files/2025/11/15/aaa-2025-11-15-14-01-58.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা ডিমৰীয়া মহাবিদ্যালয়ত অট'নমাছ এক বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। বিশেষকৈ অসমৰ নিম্ন আৰু মধ্যম আয়ৰ পৰিয়াল সমূহক সার্বজনীন স্বাস্থ্যসেৱা প্ৰদানৰ বাবে জিএনআৰচি হাস্পতালত অব্যাহত থকা অভিযানৰ অংশ হিচাপে এই শিবিৰ অনুষ্ঠিত হয়।
উল্লেখ্য যে এই শিবিৰত ৫০০ ৰো অধিক ৰাইজে স্নায়ুৰোগ, স্নায়ুশৈল্য, হৃদৰোগ, মূত্রাশয়ৰ ৰোগ, সাধাৰণ শল্য চিকিৎসা ৰোগ, অস্থিৰোগ আৰু মেডিচিন বিভাগৰ ৰোগীসকলে নগদবিহীন চিকিৎসা পৰামৰ্গ লাভ কৰিবলৈ সক্ষম হয়।
আনফালে জিএনআৰচি হাস্পতালৰ কাৰ্যবাহী সঞ্চালক শতাব্দী বৰা এই শিবিৰত উপস্থিত থাকি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।
প্ৰাণিধানযোগ্য যে ,এই শিবিৰত এখন বিনাামূলীয়া এম্বুলেন্সও উদ্বোধন কৰা পৰিলক্ষিত হয়। লগতে এই অনুষ্ঠানত এক সংবাদমেল আয়োজন কৰা দেখা যায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us