/asomiyapratidin/media/media_files/2025/08/10/1-2025-08-10-09-46-29.jpg)
ডিজিটেল সংবাদ,তেজপুৰ: তেজপুৰৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ডাইমেনচন একাডেমীয়ে শিক্ষাৰ সমান্তৰালকৈ বিগত দিন ধৰি খেলা-ধূলাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। সেই অনুসৰি প্ৰতিবছৰৰ দৰে এইবাৰো ডাইমেনচন একাডেমীয়ে শোণিতপুৰ জিলা ভিত্তিত এখনি মুকলি পাঞ্জা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে।
এইক্ষেত্ৰত বিদ্যালয়খনৰ উদ্যোগত কালি অনুষ্ঠিত হোৱা "আইৰণ মেন খ্যাত" প্ৰতিযোগিতাখনিত জিলাখনৰ শতাধিক পাঞ্জা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১৯ বছৰ ৰাষ্ট্ৰীয় খিতাপ লাভ কৰা দেৱজিৎ শৰ্মা আৰু ৮ বছৰ মিষ্টাৰ অসম সন্মান অৰ্জন কৰা উজ্বল ডেকাই প্ৰতিযোগিতাত মুখ্যঅতিথি হিচাপে অংশ গ্ৰহণ কৰে।
আনহাতে তিনি বছৰ মিষ্টাৰ আসাম আৰু পাঞ্জাত আঠবছৰ নেচনেল চেম্পিয়ন হোৱা ৰিকুমণি বৰা বিচাৰক আৰু ৰেফাৰি হিচাপে ছয় বছৰ জিলা চেম্পিয়ন বিদ্যুৎ বৰা,পাঞ্জাৰ বিশ্ব ৰেংকিং ৪ খেলুৱৈ ডেইজি হাজৰিকা আৰু ৰাজ্যিক খ্যাতি সম্পন্ন খেলুৱৈ পোনাকন ডেকাও উপস্থিত থাকে।
প্ৰতিযোগিতাত তেজপুৰ কলেজৰ উদয় দেবে চেম্পিয়ন অফ দা চেম্পিয়ন খিতাপ লাভ কৰাৰ বিপৰীতে ছোৱালী শাখাত অলকা চক্ৰৱৰ্তীয়ে বিজয়ী খিতাপ দখল কৰে। উল্লেখ্য যে পাঞ্জাখেলত তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫০ কেজি শাখাত আকাশ দাস,৫০-৫৫ কেজি শাখাত হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিকাশ মুণ্ডাই বিজয়ীৰ খিতাপ অৰ্জন কৰে।
ইয়াৰোপৰি, ৫৫-৬০ কেজি শাখাত গিৰিজানন্দ কলেজৰ গৌতম বৰা,৬০-৬৫ কেজি শাখাত দৰং কলেজৰ অভিজিত কেওঁট, ৬৫-৭০ কেজি শাখাত দৰং কলেজৰ প্ৰতিক বাৰিক, ৭০-৭৫ কেজি শাখাত তেজপুৰ কলেজৰ ধীৰাজ বৰা আৰু ৭৫+ শাখাত তেজপুৰ কলেজৰ খেলুৱৈ উদয় দেবে চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।