ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ২৮ সংখ্যক নৱাগত আদৰণী সভা

চিলাপথাৰ অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুস্থান ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ২৮ সংখ্যক নৱাগত আদৰণী সভা সোমবাৰে অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
agroni khabar

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুস্থান ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ২৮ সংখ্যক নৱাগত আদৰণী সভা সোমবাৰে অনুষ্ঠিত কৰা হয়। বিদ্যাল়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত চলিত বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক পৰম্পৰাগত নিয়মৰ মাজেৰে আৰতি কৰি চন্দন তিলক পিন্ধাই আদৰণি জনোৱা হয়। 

শিক্ষানুষ্ঠানখনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল তিমচিনাই আঁতধৰা আৰু অধ্যক্ষ জয়ন্ত মিলিৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বিপেন শইকীয়াই। তেওঁ ছাত্ৰ ছাত্ৰী সকলে নম্বৰৰ পিছত নহয় জ্ঞানৰ পিছত দৌৰা উচিত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে বিভিন্ন দিশ সামৰি নৱাগত ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে।  

Advertisment

এটা সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গজেন মিপুন, উপাধ্যক্ষ খেলন্ত সোণোৱাল, ডিমৌ পঞ্চায়তৰ সভানেত্ৰী মালবিকা পাংগিং, কাউন্সিলৰ ৰুক্মিণী নিৰুলা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য মিলি, সাংবাদিক বসন্তক ফুয়েলৰ লগতে বহু বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, অভিভাৱক আৰু সংগঠনৰ নেতা-কৰ্মীসকল অতিথি হিচাপে উপস্থিত থাকে। ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা গীত নৃত্যই অনন্য কৰি তোলে নৱাগত আদৰণী সভাৰ কাৰ্যসূচী।

চিলাপথাৰ