ডিমাপুৰত ৰে'লৱে লাইনৰ ওপৰত মহিন্দ্ৰা থাৰ চলাই গ্ৰেপ্তাৰ এজন লোক

NL-01/CA-8181 নম্বৰযুক্ত মহিন্দ্ৰা থাৰখন ডিমাপুৰ ৰে'লৱে ষ্টেচনৰ কাষৰ বুৰ্মা কেম্পস্থিত পুৰণি ফ্লাইঅ’ভাৰৰ ওচৰত লাইন নম্বৰ–১ত ৰে'লৱে লাইনৰ ওপৰত উঠি যায় আৰু তাতে আৱদ্ধ হৈ পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ডিমাপুৰ ৰে'লৱে ষ্টেচনৰ ওচৰত সক্ৰিয় ৰে'লৱে লাইনৰ ওপৰত মহিন্দ্ৰা থাৰ এছইউভি চলাই নিয়াৰ অভিযোগত এজন ৬৫ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিছে নাগালেণ্ড আৰক্ষীয়ে। এই ঘটনা ১৬ ডিচেম্বৰৰ নিশা সংঘটিত হয় আৰু সমগ্ৰ ঘটনাৰ ভিডিঅ’ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । 

ae615c59-3bd9-45fb-bb40-3cb6257d9f5e

উল্লেখযোগ্য যে, NL-01/CA-8181 নম্বৰযুক্ত মহিন্দ্ৰা থাৰখন ডিমাপুৰ ৰে'লৱে ষ্টেচনৰ কাষৰ বুৰ্মা কেম্পস্থিত পুৰণি ফ্লাইঅ’ভাৰৰ ওচৰত লাইন নম্বৰ–১ত ৰে'লৱে লাইনৰ ওপৰত উঠি যায় আৰু তাতে আৱদ্ধ হৈ পৰে। এই স্থানটোৰে নিয়মিতভাৱে যাত্ৰীবাহী আৰু মালবাহী ৰে’ল চলাচল কৰে, বিশেষকৈ নিশা সময়ত, যাৰ ফলত ঘটনাটো অত্যন্ত বিপজ্জনক ৰূপ ল’ব পাৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, নিশা দৃশ্যমানতা কম থকা অৱস্থাতেই এই ঘটনা সংঘটিত হয়। স্থানীয় লোকে বিষয়টো লক্ষ্য কৰি তৎক্ষণাৎ আৰক্ষী আৰু ৰে'লৱে বিভাগক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে নাগালেণ্ড আৰক্ষী আৰু ৰে'লৱে কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে গাড়ীখন ৰে'লৱে লাইনৰ পৰা আঁতৰায়।

ভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক আহত হোৱা নাই আৰু ৰে'লৱে সম্পত্তিৰো কোনো ক্ষতি হোৱা নাই।লগতে সময়মতে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ৰে’ল চলাচলতো কোনো ব্যাঘাত নঘটে। কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে সেই সময়ত সংশ্লিষ্ট লাইনৰ ওপৰত কোনো ৰে’ল আগবঢ়া নাছিল, যাৰ ফলত এটা ডাঙৰ দুৰ্ঘটনা এৰাই যাব পৰা গ’ল।ঘটনাৰ পিছতে আৰক্ষীয়ে উক্ত বয়োজ্যেষ্ঠ চালকক অসাৱধান আৰু দায়িত্বহীনভাৱে বাহন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ae615c59-3bd9-45fb-bb40-3cb6257d9f5e

ছ’চিয়েল মিডিয়াত কিছুমান লোকে চালকজন মদ্যপান অৱস্থাত আছিল বুলি দাবী কৰিলেও আৰক্ষীয়ে জনায় যে এই বিষয়টো তদন্তাধীন আৰু প্ৰমাণৰ আধাৰতহে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ’টোত ৰে'লৱে লাইনৰ ওপৰত আৱদ্ধ হৈ থকা মহিন্দ্ৰা থাৰখন স্পষ্টভাৱে দেখা যায়, যিয়ে ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহু নেটিজেনে চালকজনৰ দায়িত্বহীন আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সেই সময়ত যদি কোনো ৰে’ল আহি থাকিলেহেঁতেন, তেন্তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰিছিল।কিছুমানে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰয়োগ আৰু জনসচেতনতা বৃদ্ধিৰ দাবী জনাইছে।

ঘটনাৰ পাছত নাগালেণ্ড আৰক্ষীয়ে এক ৰাজহুৱা পৰামৰ্শ জাৰি কৰি স্পষ্টভাৱে জনাইছে যে ৰে'লৱে লাইনৰ ওপৰত বাহন চলোৱা সম্পূৰ্ণৰূপে অবৈধ আৰু ই জীৱন তথা সম্পত্তিৰ বাবে গুৰুতৰ বিপদ কঢ়িয়াই আনে। আৰক্ষীয়ে উল্লেখ কৰে যে এনে দায়িত্বহীন কাৰ্যই কেৱল চালকজনৰ জীৱনকেই বিপন্ন নকৰে, বৰঞ্চ ৰে’ল যাত্ৰী, ৰে'লৱে কৰ্মচাৰী আৰু গুৰুত্বপূৰ্ণ ৰেলৱে আন্তঃগাঁথনিৰ সুৰক্ষাকো ভয়াবহ বিপদত পেলায়।কৰ্তৃপক্ষই লগতে সকীয়াই দিয়ে যে ৰে'লৱে লাইনৰ ওপৰত সামান্য বাধাও ৰে’ল দুৰ্ঘটনা, ৰে’ল লাইনচ্যুতি আৰু বৃহৎ ক্ষতিৰ কাৰণ হ’ব পাৰে।সেয়ে নাগৰিকসকলক যান-বাহন আৰু সুৰক্ষা বিধি কঠোৰভাৱে মানি চলিবলৈ আৰু বিপজ্জনক আচৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

ডিমাপুৰৰ এই ঘটনা এক সজাগতা স্বৰূপ হিচাপে চিহ্নিত হৈছে।কোনো লোক হতাহত নোহোৱাটো সৌভাগ্যৰ বিষয় যদিও কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে ভৱিষ্যতে এনে কাৰ্য সহ্য কৰা নহ’ব আৰু দোষীক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।আৰক্ষীয়ে সকলোকে দায়িত্বশীল আচৰণ কৰিবলৈ আৰু ৰেলৱে লাইনক পথ বুলি ভবা মানসিকতা ত্যাগ কৰিবলৈ আহ্বান জনাইছে।