/asomiyapratidin/media/media_files/2025/07/28/web-ap-garlosa-2025-07-28-21-29-55.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰে নিৰ্মাণ কৰা এটা অনাথ গৃহ আজিৰ পৰা কিছু বছৰ পূৰ্বে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পিছে সেই অনাথ শিশু গৃহ অনাথ শিশুৰ বাবে হৈ নাথাকিল। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰে নিৰ্মিত সেই অনাথ শিশু গৃহটো এতিয়া ৰূপান্তৰ হ’ল বিলাসী হোটেললৈ। ২৭ জুলাইত দেৱলাল গাৰ্লোছাই উদ্বোধন কৰিলে অনাথ শিশু গৃহৰ নতুন ৰূপ সেই বিলাসী হোটেলখন।
প্ৰায় ৩ কোটি টকা ব্যয়ৰে ২০২১ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল ডিমা হাছাও জিলাৰ অনাথ আৰু নিঃস্ব শিশুসকলৰ বাবে এটা ভৱন। হাফলং চহৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ আঁতৰত জাটিংগাৰ সমীপৰ বড়ো হাফলঙত নিৰ্মাণ কৰা হৈছিল এই অনাথ গৃহ। ইয়াত অনাথ শিশুৰ থকা, খোৱাৰ উপৰিও কৰ্মচাৰীৰ কোৱাৰ্টাৰ আৰু বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছিল।
কিন্তু শেহতীয়াকৈ সেই অনাথ শিশুৰ গৃহটোকে হাডিং হোটেল নামেৰে পুনৰ উদ্বোধন কৰাৰ অভিযোগ তুলিছে প্ৰাক্তন এম এ চি ডেনিয়েল লাংথাছাই।
লাংথাছাই কয়, ২০০৯–১০ বৰ্ষৰ এন এল চি পি আৰ আঁচনিৰ অধীনত কংগ্ৰেছ শাসনৰ সময়ত ২০১৩ চনৰ ২৯ জুনত এই প্ৰকল্পটো অনুমোদিত হৈছিল। ইয়াৰ বাবে মুঠ অনুমোদিত ধনৰাশি আছিল ২.৯৮ কোটি টকা। তাৰ ভিতৰত কেন্দ্ৰৰ পৰা ২৬৮.৬৩ লাখ টকা আৰু ৰাজ্যৰ পৰা ২৯.৮৫ লাখ টকা। এই প্ৰকল্পত আছিল দুমহলীয়া অনাথ আশ্ৰম, তিনিমহলীয়া বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, কৰ্মচাৰী আৰু অধ্যক্ষৰ বাবে কোৱাৰ্টাৰ, আৰু চিকিৎসা পৰিদৰ্শন কক্ষ।
এই প্ৰকল্পৰ বাবে বড়ো হাফলঙৰ ঠাইখন বাছি লোৱা হৈছিল। ইয়াৰ নিৰ্মাণ পি ডব্লিউ ডি (বিল্ডিং) বিভাগে সম্পন্ন কৰে আৰু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে ২০২১ চনৰ ১৩ মে’ত সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালকৰ হাতলৈ অৰ্পণ কৰা হয়। তাৰ দুমাহৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভৱন উদ্বোধন কৰে। সেই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা, মন্ত্ৰী নন্দিতা গোৰ্লোছা, পীযুষ হাজৰীকা, আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং।
ডেনিয়েল লাংথাছাই অভিযোগ কৰি কয় যে, তেওঁ তথ্য লাভ কৰিছিল যে এই অট্টালিকাটোৰ ভিতৰৰ অংশ হোটেল হিচাপে ব্যৱহাৰৰ বাবে পুনৰ ডিজাইন কৰা হৈছে। যেতিয়া তেওঁ সেই স্থান পৰিদৰ্শন কৰে তেতিয়া তেওঁ অট্টালিকাৰ কিছু অংশ ভাঙি পুনৰ নিৰ্মাণ কৰা দেখা পাইছিল।
তেওঁ কয়, ভৱনটো পৰ্যবেক্ষণৰ সময়ত তাত থকা শ্ৰমিকসকলে মোক গুৱাহাটীৰ এজন ঠিকাদাৰে সেই কাম কৰি আছে বুলি জনাইছিল। এই সন্দৰ্ভত তেওঁ ২০২২ চনৰ ১৭ ফেব্ৰুৱাৰীত আৰ টি আই দাখিল কৰি সমাজ কল্যাণ বিভাগক অট্টালিকাটোৰ সেই সময়ৰ অৱস্থা, ইয়াৰ লগত জড়িত ঠিকাদাৰ, আৰু তাত উদ্বোধনৰ পিছতো কেতিয়াও কোনো অনাথ শিশুক কিয় ৰখা নহ’ল সেই বিষয়ে প্ৰশ্ন কৰিছিল। তেওঁ আৰ টি আইৰ জৰিয়তে এই প্ৰশ্ন কৰিছিল যে, সেই প্ৰকল্পটোক আনুষ্ঠানিকভাৱে হোটেললৈ ৰূপান্তৰিত কৰা হৈছে নেকি?
এই প্ৰশ্নবোৰৰ কোনো সঠিক উত্তৰ লাভ নকৰিলে যদিও লাংথাছাই কয় যে তেওঁ লাভ কৰা একমাত্ৰ উত্তৰটো আছিল পি ডব্লিউ ডি (বিল্ডিং)ৰ পৰা পোৱা উত্তৰ। য’ত কোৱা হৈছিল যে তেওঁলোকে বিল্ডিংটো কাউন্সিলৰ হাতত গতাই দিছে।
লাংথাছাই পুনৰ অভিযোগ কৰি কয় যে, এই বিষয়ে চৰ্চা আৰম্ভ হোৱাত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্বায়ত্ব শাসিত পৰিষদৰ কৰ্তৃপক্ষই খৰখেদাকৈ হাডিংমা হাইস্কুলৰ ভিতৰত থকা অসম আৰ্হিৰ ঘৰ এটা পুনৰ নিৰ্মাণ ৰৰি ২০২২ চনত নতুন অনাথ ঘৰ হিচাপে পুনৰ উদ্বোধন কৰে। কিন্তু যিটো প্ৰকল্প মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল সেই প্ৰকল্পক তেওঁলোকে নিৰৱে বিলাসী হোটেললৈ ৰূপান্তৰ কৰে।
তেওঁলোকে সেই প্ৰকল্পৰ চাৰিওপালে “আই লাভ ডিমাছা” উদ্যান, ৰাজহুৱা মন্দিৰ, আৰু কিছু সৌন্দৰ্য বৰ্ধনৰে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ অনাথ শিশুৰ সেই প্ৰকল্পক পৰ্যটন প্ৰকল্পৰ দৰে গঢ়ি তোলে।
চৰকাৰী তথ্য অনুসৰি এন এল চি পি আৰ আঁচনিৰ অধীনত নিৰ্মাণ হোৱা মূল প্ৰকল্পটোৰ নাম আছিল Construction of Home for Orphans and Destitute Children at Haflong আৰু ইয়াৰ বাবে অনুমোদিত ধনৰ পৰিমাণ আছিল ২৯৮.৪৮ লাখ টকা। ইয়াৰে ২৬৮.৬৩ লাখ টকা আহিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু ২৯.৮৫ লাখ টকা আহিছিল ৰাজ্য চৰকাৰৰ পৰা।২৯ জুন, ২০১৩ ত এই প্ৰকল্পৰ বাবে অনুমোদন জনোৱা হৈছিল আৰু এই প্ৰকল্প আছিল এন এল চি পি আৰৰ অধীনত ড’নাৰ মন্ত্ৰালয়ৰ অধীনৰ।
ডেনিয়েল লাংথাছাইৰ যি আৰ টি আই দাখিল কৰিছিল সেই আৰ টি আইত মুঠ ৫ টা প্ৰশ্ন কৰা হৈছিল। সেইসমূহ আছিল অনাথ গৃহস্থলীত কিহৰ নিৰ্মাণ কাৰ্য্য চলি আছে? ইয়াৰ ঠিকাদাৰ কোন, উদ্বোধনৰ পিছত কোনো শিশুক কিয় তাত ৰখা হোৱা নাছিল? সেই অট্টালিকাটো হোটেললৈ ৰূপান্তৰিত কৰা হৈছে নেকি? পি ডব্লিউ ডিৰ পৰা আনুষ্ঠানিক হেণ্ডঅভাৰ পত্ৰ প্ৰদান কৰা হৈছেনে?
লাংথাছাই জনোৱা অনুসৰি ইয়াৰে প্ৰথম চাৰিটা প্ৰশ্নৰে উত্তৰ নাপালে তেওঁ। নতুনকৈ হোটেল হিচাপে উদ্বোধন কৰা এই প্ৰকল্প স্বায়ত্ত শাসিত পৰিষদৰ নে পৰ্যটন বিভাগৰ নে কোনোবা ব্যক্তিৰ অধীনত আছে সেই বিষয়েও কোনো তথ্য উপলব্ধ নাই।
ডেনিয়েল লাংথাছাই এই গোটেই বিষয়টোৰ সন্দৰ্ভত কয়, অনাথ শিশুৰ যত্ন আৰু পুনৰ সংস্থাপনৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা এটা প্ৰকল্পক ব্যৱসায়িক কেন্দ্ৰলৈ পৰিণত কৰা হৈছে। ইয়াৰ জৰিয়তে জিলাখনৰ এটা গুৰুত্বপূৰ্ণ জনকল্যাণমূলক অনুষ্ঠানৰ ওপৰত লুণ্ঠন চলোৱা হৈছে। লগতে তেওঁ প্ৰশ্ন কৰে অনাথ শিশুৰ বাবে নিৰ্মাণ কৰা গৃহ হোটেললৈ ৰূপান্তৰিত কৰাৰ অনুমতি কোনে প্ৰদান কৰিলে।
এই প্ৰশ্ন কেৱল ডেনিয়েল লাংথাছাৰেই নহয়। এই প্ৰশ্ন এতিয়া প্ৰতিজন সচেতন নাগৰিকৰ। এই প্ৰশ্নৰ উত্তৰ কোনে দিবা সেয়া হ’ব লক্ষ্যণীয়। মুখ্যমন্ত্ৰীয়ে তেওঁৰ অতি ঘনিষ্ঠ দেৱলাল গাৰ্লোছাৰ এই কাৰ্যক কিদৰে গ্ৰহণ কৰিব তাৰ ওপৰতো থাকিব সকলোৰে দৃষ্টি।