সাহিত্যিক দিলস্ লক্ষ্মীন্দ্ৰ সিংহলৈ সাহিত্য ভাস্কৰ সন্মান

যোগ্যজনৰ হাতত এই সন্মান পৰিছে। আমি সুখী। লক্ষ্মীন্দ্ৰ সিংহই নিৰলস সাধনাৰে ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশৰ বাবে অহৰহ চেষ্টা কৰি আছে-আনিচ উজ জামান

author-image
Asomiya Pratidin
New Update
dfffffffffff

ডিজিটেল সংবাদ,গুৱাহাটী:   আজি অসম সাহিত্য সভাৰ জয়ন্ত বৰুৱা- লখিমী বৰুৱা সদন কক্ষত বিশিষ্ট কবি, সাহিত্যিক, অভিধান প্ৰণেতা দিলস্ লক্ষ্মীন্দ্ৰ সিংহক আন্তৰ্জাতিক বিষ্ণুপ্ৰিয়া মণিপুৰী এচ'ছিয়েশ্যন, নতুন দিল্লীৰ তৰফৰ পৰা সাহিত্য ভাস্কৰ সন্মান প্ৰদান কৰে।

Advertisment

বন্তি প্ৰজ্বলনৰ অন্তত আশুতোষ সিংহই পৰিৱেশন কৰা গীতেৰে আৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে এচ'ছিয়েশ্যনৰ সাধাৰণ সম্পাদক প্ৰেমানন্দ সিংহই। দিলস্ লক্ষ্মীন্দ্ৰ সিংহক অংগ বস্ত্ৰ, ফুলৰ থোপা, স্মাৰক, জনগোষ্ঠীয় টুপি, প্ৰমাণ পত্ৰ আদি প্ৰদান কৰা হয়।

সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি আনিচ উজ জামানে অংশগ্ৰহণ কৰি কয়, যোগ্যজনৰ হাতত এই সন্মান পৰিছে। আমি সুখী। লক্ষ্মীন্দ্ৰ সিংহই নিৰলস সাধনাৰে ক্ষুদ্ৰ জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশৰ বাবে অহৰহ চেষ্টা কৰি আছে।

সভাত আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয়। বিজয় সিংহই‌ সভাপতিত্ব কৰা‌ সভাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বাংলা সাহিত্যৰ অগ্ৰণী কবি মীনাক্ষী চক্ৰৱৰ্তী, দেউৰী সাহিত্য সভা, অসমৰ সভাপতি ড০ ষড়ানন দেউৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, 'সাহিত্য কোঁৱৰ' কমল‌ কলিতা, অবিনাশ শৰ্মা, পূৰবী বৰুৱা কাঞ্চন কেজৰিৱাল, গীতা দত্ত চহৰীয়া নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ হৰেশ্বৰ সিংহই সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।

দিলস্ লক্ষ্মীন্দ্ৰ সিংহ