/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-20-04-13.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা আৰু ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত ১০ আৰু ১১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী গোলাঘাট শিশু ভৱন আৰু গোলাঘাট এমেচাৰ হলত অনুষ্ঠিত হয়। ১০ জানুৱাৰীত দিলীপ শৰ্মাৰ গীতৰ প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১১ জানুৱাৰীত দিনৰ ১১ বজাৰ পৰা মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। পুৱা ১১ বজাত ৬ জন বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা ব্যক্তিসকল-কেশৱ মহন্ত, দিলীপ শৰ্মা,অনিল ৰায়চৌধুৰীৰ, ড° ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা আৰু জুবিন গাৰ্গ।
শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে ক্ৰমে ডাঃ অজিত বৰুৱা, দিলীপ ফুকন,পূণ্যেশ্বৰ পূজাৰী, চোহানা আলি আহমেদ, অপৰাজিতা বৰুৱা আৰু ৰতীশ দেবে। মুখ্য শ্ৰদ্ধাতৰ্পক ডাঃ অজিত বৰুৱাদেৱে গণশিল্পী দিলীপ শৰ্মাৰ কৰ্মৰাজি সম্পৰ্কে আলোকপাত কৰি কয় যে, সাহিত্য-সংস্কৃতি আদিৰ পৰা দলীয় ৰাজনীতি আঁতৰাই ৰাখিলেহে জনসাধাৰণৰ অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ সভাপতি ডাঃ কুমুদ কুমাৰ দত্ত আৰু উদযাপন সমিতিৰ সভাপতি লনি ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে ক্ৰমে বিশিষ্ট সাহিত্যিক,সংগঠক ড° ভক্ত প্ৰসাদ গৌতম আৰু ভাৰতীয় গণনাট্য সংঘৰ বিশিষ্ট নেতা শৰৎচন্দ্ৰ নেওগে। দুয়োগৰাকী নিৰ্দিষ্ট বক্তাই গণশিল্পী দিলীপ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ সম্পৰ্কে মননশীল বক্তব্য প্ৰদান কৰে।
সাম্প্ৰতিক পৰিস্থিতিত গণশিল্পী দিলীপ শৰ্মাৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত অধিক প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰে। মুকলি সভাত গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ 'দিলীপ দৰ্শন' আৰু নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ মুখপাত্ৰ 'বীক্ষণ' উন্মোচন কৰে নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি পৰমানন্দ মজুমদাৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তেজপুৰৰ দিলীপ ফুকন, গোৱালপাৰাৰ অপৰাজিতা চৌধুৰী আৰু আছমা ৰহমান। ইপিনে দিলীপ শৰ্মাৰ গীত পৰিৱেশনেৰে অপৰাজিতা চৌধুৰীয়ে আজিৰ মঞ্চ উদ্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-20-2026-01-11-20-04-39.jpeg)
ইলোৰা গোহাঁই শইকীয়া, জ্যোতিময় বৰা আৰু দেবীকা গগৈয়েও দিলীপ শৰ্মাৰ গীত পৰিবেশন কৰে। ভাৰতীয় গণনাট্য সংঘৰ মজিয়াৰ আলোচনা মৰ্মে গণশিল্পী দিলীপ শৰ্মাৰ গীতৰ ওপৰত আধাৰিত সোণেশ্বৰ নৰহৰ সামগ্ৰিক পৰিকল্পনাত চিলমিল সপোনৰ দ্বাৰা ৰচিত আৰু সোণেশ্বৰ নৰহৰ পৰিচালনাৰে এখনি সংগীতালেখ্য পৰিৱেশন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰে গোলাঘাট জাতীয় বিদ্যালয়, জাতীয় বিদ্যালয়-মেৰাপানী, জামুগুৰি আদৰ্শ জাতীয় বিদ্যালয়, মহাত্মা বাল্যভৱন, গোলাঘাট শিশু ভৱন, বোকাখাত জাতীয় বিদ্যালয় আৰু ৰঙাগড়াৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে। উদযাপন সমিতিৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিপ্ৰসাদ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভিখনিত শলাগৰ শৰাই আগবঢ়াই অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে।
এই মুকলি সভাতে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ হৈছে- ৰচনা প্ৰতিযোগিতা প্ৰথম স্থানঃএনিশা শইকীয়া, গোলাঘাট বাণিজ্য মহাবিদ্যালয়। দ্বিতীয় স্থানঃ শ্ৰুতি স্মৃতি ৰাজখোৱা, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল। তৃতীয় স্থানঃ নিবিড় প্ৰত্যাশা বৰা, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল। বিচাৰকৰ বিশেষ বঁটাঃ বৰ্ণিল খাটনীয়াৰ, গোলাঘাট জাতীয় বিদ্যালয় আৰু নিশীগন্ধা বৰা, কুশল কোঁৱৰ বাল্য ভৱন। ইপিনে বক্তৃতা প্ৰতিযোগিতা (ক) শাখা :-প্ৰথম স্থান :মণিকৰ্ণিকা হাজৰিকা, গোলাঘাট শিশু ভৱন, দ্বিতীয় স্থান : গৌৰাক্ষী শইকীয়া, গোলাঘাট শিশু ভৱন, তৃতীয় স্থান : তৃষ্ণা দুৱৰা, গোলাঘাট শিশু ভৱন। লগতে বিচাৰকৰ বিশেষ বঁটা : চুইটি দাস, গোলাঘাট শিশু ভৱন।বক্তৃতা প্ৰতিযোগিতা (খ) শাখা :-প্ৰথম স্থান : শ্ৰুতি স্মৃতি ৰাজখোৱা, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল। দ্বিতীয় স্থান : প্ৰাৰ্থনা দত্ত, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল। তৃতীয় স্থান : লাকী দাস, গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। দিলীপ শৰ্মাৰ গীতৰ প্ৰতিযোগিতা :-(ক) শাখা :-প্ৰথম স্থান : জ্যোতিময় বৰা, গোলাঘাট শিশু ভৱন। দ্বিতীয় স্থান : অন্বেষণা চলিহা, গোলাঘাট জাতীয় বিদ্যালয়।ঢ়তৃতীয় স্থান : গৌৰাক্ষী শইকীয়া, গোলাঘাট শিশু ভৱন।(খ) শাখা :-প্ৰথম স্থান : দেৱিকা গগৈ, গোলাঘাট জাতীয় বিদ্যালয়।দ্বিতীয় স্থান : মাছৰিকা মেহতাবুন্নিছা, গোলাঘাট জাতীয় বিদ্যালয়। তৃতীয় স্থান (যুগ্ম) : বৃষ্টিপ্ৰিয়া শইকীয়া, গোলাঘাট জাতীয় বিদ্যালয়। স্নেহা নন্দিনী গগৈ, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us