অখিল গগৈৰ তথ্যৰ পাঁচ পইচাৰো দম নাইঃ দিলীপ শইকীয়া

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এই সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সভাপতি গৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-07 at 11.45.44 AM

ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শেহতীয়াকৈ উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এই সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সভাপতি গৰাকীয়ে। 

সংবাদমেল দিলীপ শইকীয়াই অখিল গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কয় যে, অখিল গগৈৰ কথাৰ ৫ পইচাৰো দম নাই। তেওঁ যি screenshot দিছে, সেইয়া আমাৰ কাৰ্যকৰ্তাই আগতেই সামাজিক মাধ্যমত দি থৈছে। অখিল গগৈয়ে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলিও উল্লেখ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। 

উল্লেখযোগ্য যে, দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈয়ে শেহতীয়াকৈ উত্থাপন কৰিছিল ভয়ংকৰ অভিযোগ। অখিল গগৈৰ অভিযোগ অনুসৰি, ৪ জানুৱাৰীত হোৱা ভিডিঅ’ কনফাৰেন্সত বিজেপিৰ মন্ত্রী, বিধায়ক, জিলা সভাপতিক বিজেপিক ভোট নিদিয়া ভোটাৰক চিনাক্ত কৰাৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। অহা ১২ জানুৱাৰীৰ ভিতৰত বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। 

    দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়া