একাংশ লোকে জুবিন হত্যাৰে বিজেপি জড়িত বুলি নেৰিটিভ চলাইছেঃ দিলীপ শইকীয়া

 অসম আৰু অসমীয়া জাতীয় জীৱনৰ সত্ত্বা, হিয়া আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আন্দোলনত গঢ় লৈ উঠা ব্যাপক গণ আন্দোলনত উদ্বিগ্ন শাসকীয় দল বিজেপি ৷

author-image
Asomiya Pratidin
New Update
sfgsfds

ডিজিটেল সংবাদ, বিহালীঃ অসম আৰু অসমীয়া জাতীয় জীৱনৰ সত্ত্বা, হিয়া আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আন্দোলনত গঢ় লৈ উঠা ব্যাপক গণ আন্দোলনত উদ্বিগ্ন শাসকীয় দল বিজেপি ৷ বিগত এমাহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবীত অটল অসমীয়া জনসাধাৰণে ন্যায় প্ৰদান ব্যৱস্থাকলৈ শাসকীয় দল বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বিৰূদ্ধে তীব্ৰ বিষেদগাৰে ধুমুহা সৃষ্ট হোৱাকলৈ জুবিন গাৰ্গ ন্যায় বিচাৰৰ দাবী শাসকীয় দল বিজেপিৰ৷ যাৰবাবে শাসকীয় দল বিজেপি শাসনত থকাৰ পিছতো জুবিন ন্যায় প্ৰসঙ্গকলৈ ৰাজপথত আন্দোলন কৰাৰ বাবে সাজু হৈছে৷ যাৰবাবে বিজেপি দলটোৱে সমষ্টিয়ে সমষ্টিয়ে জুবিন গাৰ্গ ন্যায় দাবীত ৰাজপথ কঁপোৱাৰ কুচকাৱাজ কৰিৱলৈ প্ৰকাৰন্তৰে জিলা পৰ্যায়ত বিশেষ সাংগঠনিক সভা শীৰ্ষক নামকৰণৰে প্ৰস্তুতি সভা অনুষ্ঠিত কৰিছে৷ 

আজি তাৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৭১ নং বিহালী বিধান সভাৰ বৰগাঙস্থিত বিষ্ণুৰাভা ৰঞ্চত বিয়লি ৩ বজাৰ পৰা ভাৰতীয় জনতা দলৰ বিশ্বনাথ জিলা বিজেপিৰ এক বিশেষ  সাংগঠনিক সভা অনুষ্ঠিত হয়৷ বিশ্বনাথ জিলা সাংগঠনিক সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, শোণিতপুৰ সংসদীয় সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰাকে বহু কেইগৰাকী নেতা উপস্থিত থাকে৷ বিশ্বনাথ জিলা বিজেপিৰ বিশেষ সাংগঠনিক  সভাৰ আদৰণী ভাষণ আগবঢ়াই বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম দাসে৷  বিশ্বনাথ জিলা বিজেপি সভাপতি অসীম দাসে আদৰণী ভাষণ প্ৰসঙ্গত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, প্ৰাক্তণ ৰাজ্যিক সভাপতি বৰ্তমানৰ শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তকে ধৰি সভাত উপস্থিত সকলো নেতা কৰ্মীক উস্ম আদৰণী জনায়৷

তদুপৰি জিলা সভাপতি অসীম দাসে  প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে৷ বিশ্বনাথ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভা খনত বিশ্বনাথ বিধান সভা সমষ্টিৰ  বিধায়ক প্ৰমোদ বৰঠাকুৰে বক্তৱ্য ডাঙি ধৰি কয় যে- অতিসম্প্ৰতি বিজেপি দলৰ কাৰ্যকৰ্তা সমাজে সামাজিক মাধ্যমত যিকোনো কথা বাৰ্তা লিখোঁতে অতিসাৱধনতা অৱলম্বন কৰি ইতিবাচক দৃষ্টিভঙ্গীৰে ভাল কথা লিখাৰ প্ৰয়াস কৰিব৷ সামাজিক মাধ্যম ফেইচবুকত কোনো কথা-বাৰ্তা লেখা-মেলা কৰাৰ ক্ষেত্ৰত মন কৰিব যে যাতে আমি সকলোৱে দলৰ  ভাল কথা লিখি প্ৰচাৰ কৰোঁ৷ সামাজিক মাধ্যম ফেইচবুকত এনে কথা-বাৰ্তা লেখা-মেলা কৰিব যাতে আন কোনোৱে ব্যক্তি বিশেষে আপোনালোকৰ লেখা পঢ়ি কোনো প্ৰকাৰে মনোকষ্ট লাভ নকৰে৷ বিজেপি দলৰ সদস্য সকলে সামাজিক মাধ্যম ফেইচবুকত গঠনমুলক কথা-বতৰা লেখাৰ বিপৰীতে আন নেতিবাচক বিষয় বস্তু সামাজিক মাধ্যমত নিলিখিব৷কাৰণ বৰ্তমান সময়ছোৱাৰ পৰিৱেশ অতিজটিল-স্পৰ্শকাতৰ৷

বিশ্বনাথৰ বিধায়ক উৎপল বৰাই বিশ্বনাথ জিলাৰ বিশেষ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰি জিলা বিজেপিৰ তৃণমুল পৰ্যায়ৰ নেতা-কৰ্মীক সামাজিক মাধ্যম ফেইচবুক ব্যৱহাৰ কৰাৰ বিষয়টোক অধিক প্ৰাধান্য দি  বক্তৱ্য ডাঙি ধৰি ভাষণ সামৰণি মাৰে৷ জিলা সাংগঠনিক সভা খনত গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই ভাষণ প্ৰসঙ্গত কয় যে- অসম ৰাজ্যিক বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া বিশ্বনাথ জিলাৰ সাংগঠনিক ভেঁটি  সৱল-শক্তিশালী  কৰিবলৈ উপস্থিত হৈছে৷ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী, বিশ্বনাথ আৰু গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথৰ প্ৰতি গৰাকী বিষয়ববীয়াই নিজ নিজ দলীয় দ্বায়িত্ব পালনৰে জনসাধাৰণৰ মাজত সুমাই কেনেদৰে গণ সম্পৰ্ক বৰ্তাই বিজেপি দলৰ প্ৰতি জনসাধাৰণ আস্থা,বিস্বাস আৰু আশীৰ্ৱাদ লাভ কৰিব পাৰি তাৰ বাবে নিজকে উৎসৰ্গা কৰিললৈ আহ্বান জনায়৷

গহপুৰৰ বিধায়ক উৎপল বৰাই কয় যে- আজিৰ পৰা এমাহৰ পূৰ্বে অসম আৰু অসমীয়া জাতিৰ হিয়াৰ আপোন জুবিন গাৰ্গে ইহলীলা সম্বৰণ কৰিছে৷ তেখেতৰ দৰে এগৰাকী মহান শিল্পী জুবিন গাৰ্গৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ লগতে জুবিন মৃত্যুৰ ন্যায়ৰ বাবে যুঁজিব লাগিব৷ অতিসম্প্ৰতি সামাজিক মাধ্যমত বিজেপি দলৰ সাংগঠনিক ভেঁটি দূৰ্ৱল কৰিব পৰা কোনো নেতিবাচক বাৰ্তা তথা কথা-বতৰা আলাপ-আলোচনা কৰাৰ পৰা দূৰত থাকিব লাগিব৷ বিজেপি দলৰ প্ৰতি গৰাকী দলীয় কাৰ্যকৰ্তা সকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত. যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগিব যাতে সামাজিক মাধ্যমত চৰ্চিত বিজেপি দলৰ বাবে নেতিবাচক কথা-বাৰ্তা, আলোচনা-বিলোচনাৰ পৰা আঁতৰি থাকিব লাগিব বুলি কয়৷

শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই বিশেষ সাংগঠনিক সভা খনত অংশ গ্ৰহণ কৰি কয় যে- বিশ্বনাথ জিলা বিজেপি দলে অসমৰ শিল্পী জাতিৰ হিয়া আমঠু জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতিৰ্থে এমহীয়া আদ্যশ্ৰদ্ধা অনুষ্ঠিত কৰি অসম আৰু অসমীয়া জৈতি সত্তা জুবিন গাৰ্গৰ মৃত্যুৰ.দৃষ্টান্তমুলক ন্যায় দাবী কৰিছোঁ৷  সাংসদ ৰঞ্জিত দত্তই কয় যে- আমিও জুবিন অনুৰাগী হিচাপে মহান শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছোঁ৷ আমি ভাৰতীয় জনতা দলৰ কৰ্মকতা হিচাপে জাতিৰ আপোন. শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীৰ উপৰিও শিল্পী গৰাকীক যুগে যুগে জীয়াই ৰাখিব লাগিব৷

ৰঞ্জিত দত্তই কয় যে - "আমাৰ দলৰ বাবে কঠিন পৰিস্থিতি আহি  পৰিছে৷ আমাৰ দলটোক পুনৰ শাসন ক্ষমতালৈ আনিবলৈ হ'লে আমাৰ দলৰ প্ৰতি গৰাকী কাৰ্যকৰ্তাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব৷ এই সময়খিনি আমাৰ দলৰ বাবে অতিস্পৰ্শকাতৰ সময়৷ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ২৮ দিন শুৱ পৰা নাই৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজ্যত এক আৱেগ উথলি উঠিছে৷ গতিকে আমি ভাৰতীয় জনতা দলে দুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ৷ বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কৰিবলগীয়া সকলো কাম কৰিছে ইতিমধ্যে অসম চৰকাৰে SIT গঠন কৰি দিছে তদন্ত অব্যাহত আছে৷ আমি ন্যায়পালিকাক দাবী জনাম যে শীঘ্ৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব৷"

"এই কথা ঠিক যে বৰ্তমান সময়ছোৱা বিজেপি দলৰ বাবে অতিস্পৰ্শকাতৰ সময়৷ মনত ৰখা ভাল যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কংগ্ৰেছ দলৰ সম্পদ নহয় জুবিন গাৰ্গ অসমৰ প্ৰতিগৰাকী লোকৰ হিয়া জাতীয় সম্পদ৷ জাতীয় সম্পদ জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আমি এক সৱল ন্যায় আন্দলোন গঢ়ি তুলিব৷ আনহাতে- সাংসদ ৰঞ্জিত দত্তই কয় যে- শেহতীয়াভাৱে দুখীয়া দৰিদ্ৰ লোকৰ বাবে পুৰস্কাৰ স্বৰপে চৰকাৰীভাৱে আগবঢ়োৱা প্ৰধানমন্ত্ৰী আৱাস গৃহ জিঅ' টেগৰ নামত যাতে কোনো লোকে ১০০ টকা ২০০ টকা লোৱা বেপাৰত নামি নপৰে৷ যদি প্ৰধান মন্ত্ৰী আৱাস এনে কাৰ্য- তথ্য পোহৰলৈ আহে আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিম৷"

সিফালে বিশ্বনাথ জিলা বিজেপি দলৰ বিশেষ সাংগঠনিক সভাখনত অসম ৰাজ্যিক বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই অংশ গ্ৰহণ কৰি ভাষণ প্ৰসঙ্গত কয় যে,আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক তথা সন্দেহমুলক মৃত্যুৰে জড়িত সকলো দোষী অপৰাধীক ন্যায়পালিকাই যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে তাৰ দাবী কৰিছোঁ৷ প্ৰয়াত শিল্পী জুবিন গাৰ্গে জাতীয় জীৱনলৈ আগবঢ়াই যোৱা প্ৰতি অৱদান অনাদি অনন্তকাললৈ জীয়াই ৰাখিব লাগিব৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাঙ্খিত ৰহস্যজনক মৃত্যুৰ দিনটোৰ পৰা মহান শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা দিল্লীহৈ অসম মাতৃভূমিলৈ আনি সোণাপুৰত শেষকৃত সম্পন্ন কৰালৈকে যিখিনি কৰিছে সেইয়া আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ৷ আমি আশা কৰিম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় মহামান্য ন্যায়পালিকাই প্ৰদান কৰিব৷ শিল্পী জুবিন গাৰ্গৰ ৰবস্যজনক মৃত্যুৰ উপযুক্ত শাস্থিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে  গঠন কৰি দিয়া SITএ গোটে পুংখানুপুংখভাৱে তদন্ত কৰি মহামান্য আদালতত একোখন অতি শক্তিশালী চাৰ্জচিট দাখিল কৰিব৷

ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই ভাষণত লগতে কয় যে- ভাৰতীয় জনতা দলৰ প্ৰতি গৰাকী কাৰ্যকৰ্তাই অতিকঠোৰ পৰিশ্ৰম কৰাৰ ফলত দলটোৱে দ্বিতীয় বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে৷ অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰতি গৰাকী ভাৰতীয় জনতা দলৰ সদস্য সদস্যা তথা কাৰ্যকৰ্তা লোকে অক্লান্ত শ্ৰমৰ ফলশ্ৰুতিত বিগত দুটা কাৰ্যতালৰ দৰে তৃতীয় বাৰলৈ ৰাজ্যৰ শাসনলৈ জয়ী হৈ আহিব৷ অতিগুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিশ্বনাথ জিলাত বিৰোধী দলৰ ভেঁটি উচন কৰি ভাৰতীয় জনতা দলক জনসাধাৰণে সন্মান দিছে৷ ৰাজ্যৰ তিনি খন শ্ৰেষ্ঠ জিলা সমিতিৰ শীৰ্ষ স্থান দখল কৰিছে বিশ্বনাথ জিলা বিজেপি সমিতিখনে৷ গণন্ত্ৰত যিহেতু  জনতাই ৰজা তেনেক্ষেত্ৰত ৰাজ্যৰ ৰাজনীতিত ভোটাৰ জনগনে ভাৰতীয় জনতা দলক আশীৰ্ৱাদ অঞ্জলি শিৰত দি আশীৰ্বাদ দিছে৷ বিগত পঞ্চায়ত নিৰ্বাচনত অসমৰ ভোটাৰ নাগৰিকৰ আশীৰ্বাদত ভাৰতীয় জনতা দলে এক ঐতিহাসিক বিজয় সাৱস্ত কৰিবলৈ সফল হৈছোঁ৷

ইতিমধ্যে বিটিচি নিৰ্বাচন সম্পন্ন হৈছে য'ত বিগত সময়ৰ নিৰ্বাচনত ১৯ শতাংশ ভোট লাভ কৰিছিল যদিও শেহতীয়া বিটিচি নিৰ্বাচনত ৩৩ শতাংশ লাভ কৰিছে৷ এক কথাত বিটিচিটো বিজেপি দলৰ প্ৰতি জনসাধাৰণৰ আস্থা ,সমৰ্থন বৃদ্ধি হৈছে৷ ইয়াৰ পৰা প্ৰমাণিত হৈছে যে অসমৰ প্ৰতি জাতি জনগোষ্ঠীয় ৰাইজৰ মাজত বিজেপি দলৰ প্ৰতি আস্থা বৃদ্ধি পাইছে৷ আনহাতে- সন্মুখত ২০২৬ চনৰ বিধান সভা নিৰ্বাচন৷ অহা ২৬ অক্টোবৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানৰ পুৰ্বে ৰাজ্যৰ ২৯৬৫৬ বুথত টিফিন সভা অনুষ্ঠিত কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হব৷ শেহতীয়াভাৱে ৰাজ্যত একাংশ লোকে এনে এক নেৰেটিভ সৃষ্টি কৰিছে যেন শিল্পী জুবিন গাৰ্গক বিজেপি দলে হত্যা কৰিছে৷ যাৰবাবে অহা ২২ অক্টোবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিটো বিধান সমষ্টিয়ে সমষ্টিয়ে বিজেপি দলৰ নেতৃত্বত ৰাজপথত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰে৷  

"বিজেপি দলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শক প্ৰতিষ্ঠা কৰিম৷ যদি শাসন যন্ত্ৰত বিজেপি নেথাকে অসমীয়া খিলঞ্জীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে প্ৰয়োজন৷ বিহালী বিশ্বনাথ আৰু গহপুৰ সমষ্টিত বিশাল ব্যৱধাৱত জয়ী কৰাবলৈ সংকল্পৱদ্ধ কৰি দলীয় কাম-কাজ কৰিবলৈ আহ্বান জনাই" সাংগঠনিক সভাৰ বক্তৱ্য সামৰণি মাৰে৷ আনহাতে- বিশ্বনাথ জিলা বিজেপি দলৰ বিশেষ সাংগঠনিক সভা খনত অংশ গ্ৰহণ কৰাৰ পুৰ্বে অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অসমীয়া জাত্ৰ হিয়াআমঠু জুবিন গাৰ্গৰ ফটোত পুষ্পাঞ্জলী অৰ্পণ কৰি  নাম প্ৰসঙ্গ অনুষ্ঠানত সেৱা জনাই৷ এই সময়ছোৱাত সভাপতি দিলীপ শইকীয়াক সংগ দিয়ে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধা়য়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰাকে ধৰি জিলাখনৰ বহু কেই গৰাকী নেতা-কৰ্মীয়ে৷

বিজেপি বিধায়ক অসম বিজেপি বিজেপি বিজেপিৰ সভাপতি