BTCত এইবাৰ কিংমেকাৰ বিজেপিঃ বাক্সাত ঘোষণা সভাপতি দিলীপ শইকীয়াৰ...

বাক্সাৰ আমবাৰী উজীৰবাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ । বাক্সা জিলাৰ অন্তৰ্গত  ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ।

author-image
Asomiya Pratidin
New Update
a7369200-136f-48f3-a920-190f3f0c5c05
  • বাক্সাৰ আমবাৰী উজীৰবাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ ।
  • বাক্সা জিলাৰ অন্তৰ্গত  ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ।
  • বিটিচিত এইবাৰ বিজোপি কিংমেকাৰ হ'ব বুলি ঘোষণা  দিলীপ শইকীয়াৰ ।
  • বিটিচিত ৰাইজৰ বহু সমস্যা আছে, সমস্যাবিলাক বিজেপি চৰকাৰেহে নাইকীয়া কৰিব পাৰিব বুলিও কয় দিলীপ শইকীয়াই ।
  • তেওঁ কয়- কংগ্ৰেছৰ কাৰ্যকালত বিটিচিত ১০০ কোটি টকা আৱন্তন দিছিল, বিজোপিয়ে ১০০০ কোটি টকাতকৈ অধিক ধন দিছে ।
  • ধুবুৰীৰ প্ৰতিবাদকাৰীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনা মুখ্যমন্ত্ৰীয়ে চাই আছে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই ।
  • বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে ৩০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে, কিমান খন আসন পাব সেয়া ২২ চেপ্তেম্বৰৰ ভিতৰত গম পোৱা যাব ।
  • ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতা বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ।
  • নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ নেতৃত্ব উপস্থিত থাকে ।
সাংসদ দিলীপ শইকীয়া