তৃতীয় পক্ষৰ অপ-প্ৰচাৰত ভোল নাযাবঃ  ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া

সমাগত ২০২৬ ৰ বিধান সভা নিৰ্বাচন। এই নিৰ্বাচন বাবে আৰম্ভ হৈছে কুচকাৱাজ। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধান সভা নিৰ্বাচন। এই নিৰ্বাচন বাবে আৰম্ভ হৈছে কুচকাৱাজ। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমকে ধৰি আন একাংশই সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অপ-প্ৰচাৰ আৰু মিছা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। 

বিজেপিয়ে এখন প্ৰেছ বিবৃতিযোগে এই অভিযোগ উত্থাপন কৰাৰ লগতে উল্লেখ কৰিছে যে-  ''এনে অপ-প্ৰচাৰত ভোল নাযাবলৈ আৰু কোনো ধৰণৰ অপ-প্ৰচাৰৰ অংশীদাৰ নহ'বলৈ দলৰ সকলো কাৰ্যকৰ্তাক আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা দলৰ ৰাজ্যিক সভাপতিৰ হৈ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এক প্রেছ বিবৃতিত উল্লেখ কৰে যে- চক্রান্তকাৰীৰ অপ-প্ৰচাৰৰ অংশীদাৰ হোৱা দলীয় কাৰ্যকৰ্তাৰ বিৰুদ্ধে প্রয়োজন সাপেক্ষে দলে অনুশাসন মূলক ব্যৱস্থা গ্রহণ কৰা হ'ব। 

উল্লেখযোগ্য যে, যোৱা দুদিনমান ধৰি একাংশ সামাজিক তথা সংবাদ মাধ্যমত ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্রমূলক ভাৱে পূর্বপৰিকল্পিত আৰু ৰহণ সনা ভিত্তিহীন বাতৰি পৰিবেশন কৰি থকা পৰিলক্ষিত হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক গৰাকীয়ে ইতিমধ্যে তেখেতৰ স্থিতি স্পষ্ট কৰিছে। লগতে উল্লেখ কৰিছে যিগৰাকী ব্যক্তিৰ টেলিফোন ৰেকৰ্ড সংবাদ মাধ্যমত প্ৰচাৰ হৈছে সেইগৰাকী ব্যক্তিয়েও ৰাতুল শৰ্মা সন্দৰ্ভত তেখেতৰ নিজৰ স্থিতি স্পষ্ট কৰি দিছে। সংশ্লিষ্ট ব্যক্তিগৰাকীৰ মতে একাংশ লোকে প্ৰচাৰ কৰা ধৰণে ৰাতুল শৰ্মাৰ লগত চাকৰিৰ সংক্ৰান্তত কোনো ধৰণৰ লেনদেন হোৱাৰ কথা তেখেতে অস্বীকাৰ কৰিছে।''

লগতে  এই বিবৃতিত উল্লেখ কৰা হৈছে - ''যিহেতু উক্ত বিষয়টো দুই পক্ষৰ পৰা ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে সেয়েহে এই বিষয় সন্দর্ভত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমক ভৱিষ্যতৰ দিনত দুই পক্ষৰ মতামত গ্ৰহণ কৰিহে বাতৰি পৰিবেশন কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। একাংশ লোকে সামাজিক মাধ্যমত প্রকাশ কৰা আৰু একাংশ সংবাদ মাধ্যমে ভুল তথ্যৰ আধাৰত পৰিবেশন কৰা যিকোনো সংবাদ যদি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই শ্বেয়াৰ কৰে নাইবা অন্যধৰণে প্ৰচাৰ কৰে তেতিয়া তেনে কাৰ্যকৰ্তাৰ বিৰুদ্ধেও দলে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হ'ব । ভাৰতীয় জনতা পাৰ্টিৰ কোনো কার্যকর্তাক উদ্দেশ্য প্রণোদিত ভাৱে একাংশ লোকে প্ৰচাৰ কৰা ভুৱা বাতৰি বা অন্য ভুল তথ্য কোনো কাৰণতে শ্বেয়াৰ নকৰিবৰ বাবে দলৰ ফালৰ পৰা সকলোকে ৰাজ্যিক সভাপতিয়ে আহ্বান জনোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।''

প্ৰণিধানযোগ্য যে- আগন্তুক বিধানসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পার্টিয়ে এতিয়া লৈ প্রার্থী তালিকা ঘোষণা কৰা নাই। দলৰ ৰাজ্যিক সমিতিয়ে কেন্দ্রীয় নির্বাচন সমিতিলৈও কোনো পেনেল আদি প্ৰেৰণ কৰা নাই বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে। এই বিবৃতিত ''সকলো মিত্ৰ দলৰ সৈতে মিত্রতা চূড়ান্ত হোৱা বুলি উল্লেখ কৰি সভাপতিয়ে কয় যে- সকলো সহযোগী দলৰ সৈতে বুজাবুজি ইতিমধ্যে চূড়ান্ত কৰি অনুমোদনৰ বাবে কেন্দ্রীয় নির্বাচন সমিতিলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় সমিতিৰ অনুমোদনৰ পাছতে ইয়াক ৰাজহুৱা কৰা হ'ব। কিন্তু একাংশ সংবাদ মাধ্যমে ভুৱা প্রার্থী তালিকা প্রকাশ কৰি বিভ্রান্তি বিয়পাবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে''- বুলিও উল্লেখ আছে। 

বিজেপি