/asomiyapratidin/media/media_files/2026/01/09/frf-2026-01-09-23-31-38.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ ২৬ ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া উপস্থিত পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত। ইতিমধ্যে নিৰ্বাচনক লৈ আৰম্ভ হৈছে বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ সমগ্ৰ অসমত।
বিজেপিৰ লক্ষ্য হৈছে পুনৰ তৃতীয় বাৰৰ বাবে অসমৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক নিজৰ দখলত ৰখা। আৰু তাৰেই স্বাৰ্থ আৰু লক্ষ্যৰে ডংকামোকামত দুয়োখন পাৰ্বত্য জিলাৰ কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰাৰ লগতে সাংগঠনিক দিশত প্ৰয়োজনীয় দিহা পৰামৰ্শ প্ৰদান কৰি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হয় সভাপতি দিলীপ শইকীয়াই।
সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে দেশৰ লগতে অসমত বিজেপি চৰকাৰে সমদৃষ্টিৰে কৰা উত্তৰণ আৰু উন্নয়নৰ যাত্ৰাই সৰ্বদিশত ন-ৰূপ দিবলৈ সক্ষম হৈছে বুলি দাবী কৰি বিজেপিক সহায় সহযোগিতা আগবঢ়াই যাবলৈ আহ্বান জনায় কাৰ্বি আংলঙবাসীক।
লগতে ২৬ ৰ নিৰ্বাচনত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ প্ৰতিটো বুথৰ পৰা বিজেপিক বিপুল ভোটেৰে জঁয়যুক্ত কৰাই তিনি পাৰ্বত্য জিলাত থকা ৬ টাকৈ বিধানসভা সমষ্টিত বিপুল ভোটেৰে বিজেপিক জঁয়যুক্ত কৰিবলৈ বিজেপি কৰ্মকৰ্তাৰ লগতে ভোটাৰ ৰাইজক আহ্বান জনায় নিৰ্বাচনী ৰণশিঙা বজায় সভাপতি দিলীপ শইকীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us