/asomiyapratidin/media/media_files/2026/02/24/ljkfjg-2026-02-24-18-28-04.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া মঙলদৈত উপস্থিত থাকি কেইবাটাও চৰকাৰী আৰু ৰাজহুৱা উন্নয়ন মুলক কামৰ উদ্ধোধন কৰে।
সাংবাদিকৰ সন্মুখত ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়া কয়- 'বিৰোধী ৰাজনৈতিক দল সমূহে কাৰ লগত কেনেকৈ মিত্ৰতা কৰে তাক লৈ আমাৰ বৰ বেছি মূৰ ঘমাবলগীয়া বিষয় নহয়। তেওঁ লোকে যেনেকৈ ভাবে ,যিটো মই দেখিছোঁ বাৰগেনিং চলি আছে ,এতিয়ালৈকে চলি আছে, চূড়ান্ত পৰ্যায় বোধহয় পোৱা নাই। আমি আশা কৰিছোঁ শক্তিশালী বিৰোধী এটা মিত্ৰজোঁটৰ সৈতে আমি যাতে নিৰ্বাচন খেলিব পাৰোঁ এইবাৰ। শক্তিশালী বিৰোধী এটা লাগে আৰু এই বোৰ কথা কৈ লাভ নাই। কালি অখিল গগৈ আৰু ভিক্টৰ দাসৰ কথাত আমি মন্তব্য নিদিওঁ, ৰাইজে দেখিবলৈ পাইছে। এইটো স্বাভাৱিক ব্যৱহাৰ নহয়। অস্বাভাৱিক ব্যৱহাৰ এইবোৰ। অস্বাভাৱিক ব্যৱহাৰত স্বাভাৱিক পৰিবেশন নাহে। নিশ্চয় অস্বাভাৱিক পৰিবেশন এটাৰ তেওঁলোক সন্মুখীন হৈছে। তেওঁলোকৰ যিটো বডী লেংগুৱেজ, এইটো যুৱ শক্তিৰ কাৰণে খুব এটা ইতিবাচক নহয়।'
সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সভাপতি দিলীপ শইকীয়াই কয় যে- "জিলাখনৰ তিনিওটা সমষ্টিতে NDA খেলিম। এজিপি বিজেপি মিলি খেলিম, চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই।এইবাৰ তিনিওটা সমষ্টি আমি জয়ৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম।"
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি মঙলদৈ নাট্য মন্দিৰত দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা ক্ৰীড়া বিভাগে আয়োজন কৰা খেলৰ সামগ্ৰী বিতৰণ কৰাৰ লগতে মঙলদৈ পৌৰসভাৰ ২ কোটি ৫০ লাখ টকাৰে নিৰ্মিত মঙলদৈ পৌৰসভাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰে। সভাপতি দিলীপ শইকীয়াই ৩০ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মঙলদৈ বাইপাচৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাষ্টাৰ আধাৰশিলা কৰাৰ লগতে সমাজ কল্যাণ বিভাগৰ সভা এখনতো অংশগ্ৰহণ কৰে।
ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াক দিনযোৰা কাৰ্যসূচীত সংগ দিয়ে বিধায়ক বসন্ত দাস, বিধায়ক পৰমানন্দ ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱ, প্ৰাক্তন ৰাজহ মন্ত্ৰী অসম গণ পৰিষদৰ নেতা ডঃ জয়নাথ শৰ্মা,অসম মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা দেৱী,মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, জিলা বিজেপিৰ সভাপতি মুকুণ্ড ডেকা, জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us