/asomiyapratidin/media/media_files/2025/11/23/299-2025-11-23-22-02-08.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ দেউৰীচিলাবন্ধা গাঁও নিবাসী তথ কৃতী শিক্ষক দিলীপ নাথ(৫১)ৰ দেওবাৰে সন্ধিয়া আকস্মিক মৃত্যু ঘটাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । গাঁৱৰ বিভিন্ন সামাজিক- সাংস্কৃতিক কাম কাজৰ লগত জড়িত নাথ এগৰাকী সাংস্কৃতিক কৰ্মী আছিল।
ৰহাৰ দীঘলদৰি মজলীয়া বিদ্যালয়ৰ শিক্ষক দিলীপ নাথ এগৰাকী কৃতি শিক্ষক আছিল। আজি সন্ধিয়া হঠাৎ অসুস্থ হোৱাত পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
বাদ্যযন্ত্ৰী তথা কলিয়াবৰ জিলা মইনা পাৰিজাত সৈতে ওতঃপ্ৰোতভাৱে জড়িত সৰবৰহী ,সাংস্কৃতিক কৰ্মী নাথৰ মৃত্যুত সমগ্র গাঁওখনত শোকৰ ছা পৰিছে। মৃত্যৰ সময়ত তেওঁ পত্নী ,পুত্ৰ ,কন্যা সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us