/asomiyapratidin/media/media_files/2025/09/30/bihpuriya-30-2025-09-30-16-39-13.jpg)
ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়াৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সৰ্বেশ্বৰ বৰুৱা কন্যা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট জাতীয়তাবাদী নেতা বিহপুৰীয়াৰ কাৱৈমাৰী নিবাসী দিলীপ হাজৰিকা (৬৫) ৰ ২৯ ছেপ্টেম্বৰৰ নিশা পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ বিহপুৰীয়া অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে৷
আশিঁৰ দশকত বিহপুৰীয়া আঞ্চলিক ছাত্র সন্থা, উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থা আৰু লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি (১৯৮২-১৯৮৪), সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক (১৯৮৩) আৰু দুটা কাৰ্যকালৰ সাধাৰণ সম্পাদক(১৯৮৪, ১৯৮৬) সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ লগতে বিহপুৰীয়াৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ হাজৰিকাই অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই যায়।
বিহপুৰীয়া নগৰত এখন কন্যা মহাবিদ্যালয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়োৱা দিলীপ হাজৰিকাই মহাবিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাকৈয়ে অধ্যক্ষ পদৰ পৰা অৱসৰগ্ৰহণ কৰে৷ জীৱনৰ শেষ কালচোৱাত দাৰিদ্ৰতাৰ লগত যুজিঁ যুজিঁ মৃত্যুক সাৱটি লয় এসময়ৰ প্ৰভাৱশালী ছাত্ৰ নেতা জনে৷
মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰগ্ৰহণ কৰা পাছত এক জটিল ৰোগত আক্ৰান্ত হাজৰিকাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় সহযোগিতা আগবঢ়াইছিল। হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিহপুৰীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিশিষ্ট ব্যক্তিসকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিগৰাকী কন্যাৰ দুগৰাকী বিবাহিত জী-জোঁৱাই আৰু একমাত্ৰ পুত্ৰসহ বহু সংখ্যক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷