/asomiyapratidin/media/media_files/2025/10/16/1-2025-10-16-13-48-51.jpg)
ডিজিটেল ডেস্কঃপ্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ বিচাৰি সৰ্বত্ৰে চলিছে ডিজিটেল প্ৰতিবাদ। শিল্পীগৰাকীৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্তৰ দাবীত ইতিমধ্যে সামাজিক মাধ্যমত প্রতিবাদ আৰম্ভ হৈছে। তেওঁৰ অনুৰাগীসকলে সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি প্রতিবাদ অব্যাহত ৰাখিছে।
সামাজিক মাধ্যমত এইপর্যন্ত ১২ লাখ অনুৰাগীয়ে #JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা ডিজিটেল প্রতিবাদ আৰম্ভ হৈছে যদিও শেহতীয়া দুটা দিনত এই প্রতিবাদে অধিক জোৰদাৰ ৰূপ লৈছে।
জুবিন পত্নী গৰিমা গার্গে তেওঁৰ সোণাপুৰৰ সমাধিক্ষেত্ৰলৈ গৈ সামাজিক মাধ্যমত হেছটেগ জাষ্টিছ ফৰ জুবিন লিখি ন্যায় বিচাৰিবলৈ সকলো অনুৰোধ জনাইছিল। লক্ষণীয়ভাবে গৰিমাৰ এই আহ্বানৰ পাছতে সামাজিক মাধ্যমত শিল্পীগৰাকীৰ অনুৰাগীসকলৰ এনে প্রতিবাদ ক্ষীপ্ৰ কৰি তুলিছে।
ইপিনে অসমৰ জনসাধাৰণৰ হেছটেগত অতিষ্ঠ হৈ বুধবাৰে পুৱাৰে পৰা বিয়লি পর্যন্ত ছিংগাপুৰৰ প্রধানমন্ত্রী লৰেন্স ৱঙে তেওঁৰ ফেচবুক একাউন্ট নিষ্ক্রিয় কৰি ৰাখে। বিগত কিছুদিন ধৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক প'ষ্টটো হেছটেগ জাষ্টিছ ফৰ জুবিন লিখিবলৈ আৰম্ভ কৰিছিল।