/asomiyapratidin/media/media_files/2025/07/25/ijjjdd-2025-07-25-11-06-21.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰী নীহাৰিকা বৰাই লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
পূজনীয়া মা,
পোন প্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিবা। ককা- আইতাক মোৰ সেৱা জনাবা। মই ভালে আছো। আশা কৰিছো, ভগৱানৰ কৃপাত ঘৰৰ সকলো ভালে আছে। যোৱা সপ্তাহত তুমি পঠোৱা চিঠিখন পালো। তোমাৰ চিঠিখন পাই মই খুবেই আনন্দিত। উচ্চতৰ মাধ্যমিকৰ গোট পৰীক্ষা চলি থকাৰ বাবে তোমাৰ চিঠিৰ উত্তৰ দিয়াত পলম হ’ল।
মা, মোৰ গোটৰ পৰীক্ষা ভালেই হৈছে। আজি ফলাফলো ঘোষণা কৰিছে। মই ৯৯শতাংশ নম্বৰ লাভ কৰিছোঁ। চূড়ান্ত পৰীক্ষাত আৰু ভাল কৰাৰ চেষ্টা কৰিম। একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ মাচুলৰ বাবে মোক ১০০০টকাৰ প্ৰয়োজন হৈছে। এই বিশেষ কাৰণটোও তোমাক জনালো আৰু মোৰ সকলো ঠিকেই আছে।
আগন্তুক ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰীক্ষাৰ বাবে ভালদৰে অধ্যয়ন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলেও ছাত্ৰীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰোৱাত ব্যস্ত। মই নিতৌ ৬ঘন্টাকৈ পঢ়িছো।
পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মই বাহিৰা কিতাপ পঢ়া, খেলা-ধূলাৰ অনুশীলন বন্ধ কৰিছোঁ। যদিও তোমাৰ পৰামৰ্শ অনুযায়ী পুৱা যোগাসন কৰিছোঁ। তোমালোকৰ আৰ্শীবাদত কোনো ক্ষেত্ৰতে মোৰ অসুবিধা হোৱ নাই। সকলো এনেদৰে থাকিলে তোমালোকে বিচৰাৰ দৰে ভাল ফল দেখুৱাব পাৰিম বুলি আশা থাকিল।
আজিলৈ সামৰিলো। সেৱা গ্ৰহণ কৰিবা।
ইতি
তোমাৰ পুত্ৰী
নীহাৰিকা বৰা
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
একাদশ শ্ৰেণী