/asomiyapratidin/media/media_files/2025/03/19/Q6gp83o8oXudqxOjRreA.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ ডিজিটেল স্বাস্থ্যসেৱাৰ পদক্ষেপ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আভা (ABHA) কাৰ্ড পৰিচালিত হয়। এই অভিযানৰ অধীনত এই স্বাস্থ্য কাৰ্ড থকাৰ বাবে ভাৰতৰ নাগৰিকসকলক অসংখ্য সুবিধা প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ্লেগশ্বিপ আঁচনি আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত এতিয়া প্ৰতি দুজন ভাৰতীয়ৰ এজনৰ আভা আই ডি বা আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট থকা বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে।
এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰততে স্বাস্থ্য অভিলেখ, সুবিধাসমূহ আৰু পেছাদাৰীসকলক ডিজিটেলাইজ কৰি ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা। চৰকাৰী তথ্য অনুসৰি বৰ্তমান ৭৬ কোটিৰো অধিক লোকৰ আভা আইডি আছে। এই সংখ্যাৰ তুলনাত আইডি সৃষ্টিৰ ক্ষেত্ৰত উৰিষ্যাই প্ৰথম স্থান দখল কৰিছে।
উৰিষ্যাৰ পাছতে আছে ক্ৰমে আছে অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু ৰাজস্থান। এন এইচ এ হৈছে এ বি ডি এম ৰূপায়ণৰ বাবে দায়বদ্ধ শীৰ্ষ সংস্থা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ যৌথ সচিব আৰু পৰিচালন সঞ্চালক (এবিডিএম)ৰ বিশেষ কৰ্তব্যৰত বিষয়া হিমাংশু বুৰাডে এই সন্দৰ্ভত যে, বৰ্তমান সময়ত প্ৰতি দুজন ভাৰতীয়ৰ ভিতৰত এজনে নিজৰ আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খুলিছে।
উল্লেখ কৰা প্ৰয়োজন যে, আভা কাৰ্ডত আভা আই ডি নামৰ ১৪ সংখ্যাৰ একক চিনাক্তকৰণ নম্বৰ আছে। সমগ্ৰ চিকিৎসা ইতিহাস, পৰামৰ্শৰ বিৱৰণ আৰু প্ৰেছক্ৰিপচনসমূহ আভা আইডিৰ সৈতে জড়িত, যাৰ ফলত চিকিৎসালয়লৈ যোৱাৰ সময়ত স্বাস্থ্যৰ ৰেকৰ্ড কঢ়িয়াই নিয়াৰ প্ৰয়োজন নাথাকে।